স্বাস্থ্যৰ বাবে উপকাৰী তথা সহজলভ্য এক বন –শাক হৈছে ভেদাইলতা। বিশেষকৈ গাঁৱলীয়া লোকসকলৰ বাবে অতি চিনাকী এই বন-শাক। ভেদাইলতাৰ গোন্ধ অতি উৎকট হোৱাৰ বাবে বহুতো লোকে এই লতাজাতীয় শাক খাই বেয়া পায়। কিন্তু এই ভেদাইলতাৰ ইমানেই উপকাৰীতা আছে যে বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি।
ভেদাইলতাৰ পাত, ঠাৰি ,ফুল সকলো অংশই খোৱাৰ উপযোগী। মাছৰ লগত আঞ্জা কৰি , চাটনি হিচাপে , বড়া ভাজি কৰি অথবা কেঁচা ৰস হিচাপে যিকোনো উপায়েৰে ভেদাইলতা খাব পৰা যায়। ইয়াৰ উপৰিও এই বন-শাকবিধৰ পাত শুকুৱাই গুড়ি কৰি সংৰক্ষণও কৰি ৰাখিব পাৰি।
ভেদাইলতা এক প্ৰকাৰৰ বন-দৰব। বৰ্তমান নগৰীয়া লোকসকলেও অধিক দাম দি হ’লেও এই বন-শাক কিনি ভালদৰে ৰান্ধি খায়। বজাৰত উপলব্ধ দামী ঔষধবোৰতকৈ বেচিহে প্ৰভাৱশালী এই লতাজাতীয় শাকবিধ।
ভেদাইলতাৰ গুণসমূহ হৈছে-
- শৰীৰত যিকোনো কাৰণত এলাৰ্জি হ’লে নিয়মিত ভেদাইলতা খালে যথেষ্ট উপকাৰ পোৱা যায়।
- পেটৰ যিকোনো ৰোগৰ বাবে ভেদাইলতা অতি উপকাৰী। এই বন-শাকবিধ পেটত হোৱা পীড়া নিৰাময়ত যথেষ্ট সহায়ক।
- অত্যধিক গাৰ বিষ হলে ভেদাইলতাৰ ১০/১২খিলা পাত আৰু ২/৩ ফুটা নহৰু থেতেলিয়াই, অকণমান নিমখ দি পানীৰ লগত মিশ্ৰণ কৰি খালে যথেষ্ট আৰাম পোৱা যায়। ইয়াৰ উপৰিও গাঁঠিৰ বিষতো ভেদাইলতা অতি উপকাৰী।
- গ্ৰহণী বেমাৰত ভেদাইলতাৰ কেঁচা ৰস অথবা কম তাপত আঞ্জা বনাই বা বড়া আদি বনাই খালে ভাল ফল দিয়ে।
- মহিলাৰ জৰায়ুজনিত যিকোনো ৰোগত ভেদাইলতা অতি উপকাৰী । আনহাতে সন্তান প্ৰসৱৰ পিচত ভেদাইলতাত কেঁচা হালধি মিহলাই আঞ্জা বনাই খালে পেটৰ বিষ কম হয়।
- সৰু কেঁচুৱাৰ সঘনাই হাগণী হৈ থাকিলে ভেদাইলতাৰ কুমলিয়া ঠাৰি নাভীৰ তলত মেৰাই বান্ধি ৰাখিলে ভাল ফল পোৱা যায় ।
- হাড় ভাঙিলে বা খুন্দা খাই দুখ পালে ভেদাইলতাৰ পাত বটি বান্ধি থোৱাৰ লগতে ইয়াৰ ৰস খালেও যথেষ্ট উপশম পোৱা যায়।
- যকৃত বা লিভাৰৰ যি কোনো সমস্যাত ভেদাইলতা খালে কাম দিয়ে আৰু লিভাৰো শক্তিশালী কৰে ।