এক সুখবৰ!ডুবাইত অতি শীঘ্ৰেই মুকলি কৰা হ’ব বিশ্বৰ প্ৰথমখন ইলেক্ট্ৰিক এয়াৰ টেক্সি সেৱা ৷
জবী এভিয়েশনেৰ সৈতে ডুবাইত বিশ্বৰ প্ৰথমটো এয়াৰ টেক্সি সেৱা প্ৰৱৰ্তনৰ বাবে চুক্তিবদ্ধ হৈছে ডুবাইৰ পথ আৰু পৰিবহণ কৰ্তৃপক্ষ ।ইউ.এ.ইৰ উপ-ৰাষ্ট্ৰপতি তথা প্ৰধানমন্ত্ৰী শ্বেখ মহম্মদ বিন ৰছিদ আল মাকতুমৰ উপস্থিতিত ডুবাইত অনুষ্ঠিত বিশ্ব চৰকাৰৰ সন্মিলনত এই চুক্তি স্বাক্ষৰিত হয়।
এই চুক্তিৰ জৰিয়তে জবী এভিয়েশনক ছয় বছৰৰ বাবে ডুবাইত এয়াৰ টেক্সি সেৱা প্ৰৱৰ্তন কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে। এই চুক্তিয়ে ডুবাইক মেগাপলিছত স্বচ্ছ, দ্ৰুত বিমান যাত্ৰাৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে পৰিগণিত কৰিব বুলি আশা কৰা হৈছে।
ডুবাইত কেতিয়াৰ পৰা আৰম্ভ হ’ব এয়াৰ টেক্সি সেৱা?
২০২৬ চনৰ আৰম্ভণিতে ডুবাইত এয়াৰ টেক্সি সেৱা আৰম্ভ কৰাৰ লক্ষ্য দিয়া হৈছে জোবিক।কিন্তু কোম্পানীটোৱে ২০২৫ চনৰ আৰম্ভণিতে এই সেৱা আৰম্ভ কৰাৰ আশা কৰিছে। সেয়েহে বাণিজ্যিক যাত্ৰী পৰিচালনাৰ বাবে সকলো বৈদ্যুতিক বিমানৰ বিকাশৰ সৈতে জড়িত হৈ পৰিছে জবী এভিয়েশন ।
ইফালে স্কাইপ’ৰ্টছৰ সৈতেও চুক্তিবদ্ধ হৈছে জবী, যিয়ে প্ৰাৰম্ভিক পৰ্যায়ত ডুবাইত চাৰিটা ভাৰটিপ’ৰ্টৰ ডিজাইন, নিৰ্মাণ আৰু পৰিচালনা কৰিব। ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, ডুবাই মেৰিনা, ডুবাই ডাউনটাউন আৰু পাম জুমেইৰাকে ধৰি চাৰিটা স্থানত এই ভেৰ্টিপ’ৰ্টসমূহ চলিব।
উল্লেখনীয় যে ডুবাইৰ এই এয়াৰ টেক্সিখনে এজন পাইলট আৰু চাৰিজন যাত্ৰী কঢ়িয়াই নিব আৰু ই ঘণ্টাত ২০০ মাইল বেগত চলিব। ডুবাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা পাম জুমেইৰালৈ কৰা আকাশী যাত্ৰাত ৪৫ মিনিটৰ পৰিৱৰ্তে এই বিশেষ টেক্সীখনে প্ৰায় ১০ মিনিট সময় লোৱাৰ সম্ভাৱনা আছে ।