শীতকাল শেষ হোৱাৰ লগে লগেই বসন্ত কালৰ আগমণি ৷কিন্তু এই শীতকাল আৰু এই বসন্ত কালৰ মাজৰ সময়ছোৱাত ধুলি-মাকতি নাইবা দূষিত জলবায়ুৰ ফলত মানৱ শৰীৰত সংক্ৰমণ ঘটে বিভিন্ন ৰোগৰ বীজাণুৰ৷
এই সময়ছোৱাত অতিকৈ সংক্ৰমিত হোৱা এক মাৰাত্মক ৰোগ হ’ল বসন্ত ৰোগ ৷এই বসন্ত ৰোগৰ বিভিন্ন প্ৰকাৰ আছে যদিও বেছিগৈ সংক্ৰমিত হোৱা প্ৰকাৰ হৈছে চিকেন পক্স বা সৰু আই ৷
সেয়েহে শীতকাল শেষ হোৱাৰ এই সময়ছোৱাত সৰু আইৰ সংক্ৰমণৰ পৰা মুক্তি পাবলৈ খাদ্য তালিকাত এনে কিছুমান খাদ্য অন্তৰ্ভূক্ত কৰা উচিত যি এই ৰোগৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰে ৷
এই সময়ছোৱাত হঠাৎ আমাৰ শৰীৰে কেতিয়াবা ঠাণ্ডা, কেতিয়াবা গৰম অনুভৱ কৰৱ ৷সেয়েহে এনে বতৰত ৰোগৰ আশংকা যথেষ্ট বৃদ্ধি পায়। বৃদ্ধি পাই বসন্ত ৰোগৰ সংক্ৰমণ৷ সেয়েহে বিশেষকৈ শিশুসকলক লৈ এই সময়ত অভিভাৱক সকল সাৱধান হোৱা উচিত ।
যিসকলৰ ইতিমধ্যে এবাৰ এই ৰোগ হৈছে, তেওঁলোকো এই ৰোগৰ বলি হ’ব পাৰে। গতিকে এইক্ষেত্ৰত তেওঁলোকো সাৱধান হোৱাটো অতি প্ৰয়োজনীয়।
সহজে বিয়পা এই ৰোগ অতি সহজে সংক্ৰমিত হোৱা বাবে এি সময়ছোৱাত আৰম্ভণিৰে পৰা সাৱধান হোৱা উচিত । চিকিৎসক সকলে কয় যে এই সময়ত বাহিৰলৈ যাওঁতে মাস্ক ব্যৱহাৰ কৰা প্ৰয়োজনীয়। আনহাতে বাহিৰলৈ ওলাই যাওঁতে দীঘল হাতৰ কাপোৰ পিন্ধাটো অত্যন্ত জৰুৰী। লগতে এই ৰোগ প্ৰতিৰোধৰ বাবে খাদ্যৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে আৰু চিকেন পক্স প্ৰতিৰোধৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ ওপৰত চকু দিব লাগে।
এই বতৰত দৈনিক কোনবোৰ খাদ্য বেছিকৈ খাব লাগে, জানোঁ আহক-
সজিনাঃশীত আৰু বসন্তৰ এই সন্ধিক্ষণত মাজে মাজে সজিনাৰ ফুল আৰু ঠাৰি খাব পাৰে। এই ফুল আৰু ডালবোৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । অজিকালি বজাৰত সজিনাৰ পাউদাৰো সহজলভ্য ৷
নিমঃ নিম পাত এবিধ এন্টিচেপ্টিক । এই সময়ত নিম পাত বেছিকৈ খাব লাগে। নিম পাতে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে। তিতা যদিও এই পাতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰে।
টেঙা ফল: খাদ্য তালিকাত মৌচুমি, কমলা আদি বেছিকৈ থাকিব লাগে। এই ফলবোৰত থকা ভিটামিন চিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।
সেউজীয়া শাক: সেউজীয়া শাক-পাচলিত প্ৰচুৰ পৰিমাণে খনিজ পদাৰ্থ, ভিটামিন, এন্টিঅক্সিডেন্ট থাকে। যি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। সেউজীয়া শাক-পাচলিয়ে সংক্ৰামক ৰোগৰ সম্ভাৱনাও হ্ৰাস কৰে।
টেঙা দৈ: টেঙা দৈয়ে শৰীৰৰ বিষাক্ত পদাৰ্থবোৰ নিষ্কাশন কৰি শৰীৰক ভিতৰৰ পৰা পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। যদি শৰীৰৰ ভিতৰৰ পৰা বিষাক্ত পদাৰ্থ মুক্ত হয় তেন্তে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। গতিকে বসন্ত ৰোগ প্ৰতিৰোধৰ বাবে প্ৰ’বায়’টিকযুক্ত এনে খাদ্য গ্ৰহণ কৰা উচিত। ইয়াৰ বাহিৰেও দৈত থকা প্ৰ’বায়’টিক পদাৰ্থই শৰীৰত হোৱা অন্যান্য সংক্ৰমণো ৰোধ কৰে।