গুৱাহাটীৰ দুগৰাকী ছাত্ৰী সন্ধানহীন হোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌযাঁওতেই এইবাৰ মৰিয়নিত নিখোজ হৈছে দুই ছাত্ৰী ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱৰ্তীন হ’ব লগীয়া দুগৰাকী ছাত্ৰী বিগত পাঁচদিনে নিখোজ হৈ থকা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে সোমবাৰৰ পৰা মৰিয়নিৰ নাগাজংকা কল্যাণপুৰৰ নাবালিকা দুগৰাকী সন্ধানহীন হৈ আছে।
সন্ধানহীন ছাত্ৰী দুগৰাকী মৰিয়নি ১নং কল্যাণ পুৰৰ নিত্য কোচৰ কণ্যা অনুস্কা কোচ আৰু ২ নং কল্যাণ পুৰৰ কৰুণা চুতীয়াৰ কণ্যা গায়ত্ৰী চুতীয়া।অভিভাৱকে সদৰী কৰা অনুসৰি সোমবাৰে ছাত্ৰী দুগৰাকী একেলগে নিজ গৃহৰ পৰা ওলাই গৈছিল। ছাত্ৰী দুগৰাকীৰ নিখোজ সন্দৰ্ভত পৰিয়ালে এজাহাৰ প্ৰদান কৰিছে। শেহতীয়াকৈ আৰক্ষীয়ে দুয়োগৰাকী ছাত্ৰীৰ লোকেশ্যন ট্ৰেক কৰাৰ পাছত গুৱাহাটীৰ ৰাজগড়ত তেওঁলোকৰ লোকেশ্যন ধৰা পৰা বুলি জানিব পৰা গৈছে ।
উল্লেখ যে, গায়ত্ৰী চুতীয়া এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী আছিল। ছাত্ৰী দুগৰাকীৰ জীৱনক লৈ শংকিত হৈ পৰিছে পৰিয়ালৰ লোক। কোনো নাৰী দেহ ব্যৱসায়ী চক্ৰৰ প্ৰলোভনৰ কবলত কিশোৰী দুগৰাকী পৰাৰ সন্দেহ কৰা হৈছে ।