চলিত বর্ষৰ মেট্ৰিক পৰীক্ষাৰ দ্বিতীয় দিনাও সংঘটিত হ’ল খেলিমেলি ৷ সলনি হৈ আহিল প্ৰশ্নকাকত ৷সমাজ বিজ্ঞানৰ পৰীক্ষাৰ টোপোলাত আহিল সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ৷ যাক লৈ পৰীক্ষা আৰম্ভ হোৱাৰ সময়তে পৰীক্ষার্থীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ কোকৰাঝাৰ সদৰ চহৰৰ ডিএন হিম্মৎসিংকা হাইস্কুলত এই ঘটনা সংঘটিত হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি সোমবাৰে মেট্ৰিকৰ সমাজ বিজ্ঞানৰ পৰীক্ষা আছিল আৰু সেইমতে পৰীক্ষাৰ্থীসকলে নিজ নিজ আসনত বহি পৰীক্ষা দিয়াৰ বাবে সাজু হৈছিল। পৰীক্ষাৰ দায়িত্বত থকা শিক্ষকসকলে সমাজ বিজ্ঞানৰ প্ৰশ্নকাকতৰ টোপোলা খোলাত দেখা পায় যে ভিতৰত সাধাৰণ বিজ্ঞানৰ হে প্ৰশ্নকাকত আছে ৷
লগে লগে বিষয়টো উৰ্ধতন কৰ্তৃপক্ষক অৱগত কৰে আৰু ততাতোয়াকৈ উক্ত প্ৰশ্নকাকতৰ টোপোলাটো থানাত জমা দি নতুন প্ৰশ্নকাকতৰ টোপোলা আনি পৰীক্ষা অনুষ্ঠিত কৰে । সমগ্ৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিবলৈ কমেও ১০ -১৫ মিনিট সময়ৰ প্ৰয়োজন হয় ৷ পৰিণতিতত পৰীক্ষা আৰম্ভ কৰাত যথেষ্ট পলম হয় ।
আনহাতে বিটিচিৰ শিক্ষা বিভাগৰ ভাৰপ্তাপ্ত সঞ্চালক তথা বিদ্যালয় পৰিদৰ্শক জগদীশ প্ৰসাদ ব্ৰহ্মই সংবাদ মাধ্যমৰ আগত কয় যে লেবেল তথা পেকেটিংৰ ভুলৰ বাবেহে এনে ঘটনা সংঘটিত হৈছে ৷তেওঁ প্ৰকাশ কৰা অনুসৰি পেকেটৰ ওপৰত সমাজ বিজ্ঞান বুলিয়েই লিখা আছিল যদিও পেকেটৰ ভিতৰত সাধাৰণ বিজ্ঞানৰহে প্ৰশ্নকাকত আছিল ৷ উক্ত ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতেই সম্পূৰ্ণ সুৰক্ষিত অৱস্থাত প্ৰশ্নকাকতৰ টোপোলাসমূহ কোকৰাঝাৰ সদৰ থানাত জমা দিয়া হয় আৰু প্ৰশ্নকাকতৰ নতুন টোপোলা আনি পৰীক্ষা অনুষ্ঠিত কৰা হয়।
এই ঘটনাই যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ কিয়নো প্ৰথম দিনৰ পৰীক্ষাতো অনুৰূপ ঘটনা সংঘটিত হৈছিল ৷