ব্ৰিটিছ একাডেমী ফিল্ম এৱাৰ্ড (বাফটা)লৈ আমন্ত্ৰিত হৈ পুনৰ চর্চালৈ আহিছে অভিনেত্ৰী দীপিকা পাডুকন। আকৌ এবাৰ দীপিকাই আন্তঃৰাষ্ট্ৰীয় মঞ্চত এখন শাৰী পিন্ধি দৃষ্টি আকৰ্ষণ কৰিলে বিশ্ববাসীৰ । ৭৭ সংখ্যক বাফটাৰ মঞ্চত দীপিকাক বঁটা প্ৰদান কৰা দেখা গৈছিল। অভিনেত্ৰীগৰাকীয়ে পৰিচালক জনাথন গ্লেজাৰক বঁটা প্ৰদান কৰে ৷
দীপিকাৰ বাবে পোছাক প্ৰস্তুত কৰিছিল সব্যসাচী মুখাৰ্জীয়ে ৷ হাতীদাঁতৰ ৰঙৰ শাৰীত কৰা হৈছে হস্ত এম্ব্ৰয়দাৰী । । নূন্যতম মেকআপ আৰু গহনাৰে বাফটাৰৰ মঞ্চ জোকাৰি গ’ল বলীউডৰ ‘মস্তানী’ দীপিকাই । অভিনেত্ৰীগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত সেই ছবিসমূহ শ্বেয়াৰ কৰিছে ৷
ভাৰতীয় সাজ-পোছাক পৰিধান কৰা দীপিকাক দেখি প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে অনুৰাগী। কিন্তু এয়াই প্ৰথম নহয়, ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় মঞ্চত শাৰী পিন্ধি দেখা গৈছিল অভিনেত্ৰীগৰাকীক। কান চলচ্চিত্ৰ মহোৎসৱ, অস্কাৰৰ মঞ্চতো অভিনেত্ৰীগৰাকীক শাৰী পিন্ধা দেখা গৈছিল ৷
যোৱা ১৯ ফেব্ৰুৱাৰীত লণ্ডনৰ ৰয়েল ফেষ্টিভেল হলত ২০২৪ চনৰ বাফটা বঁটা প্ৰদান কৰা হয়। বাফটাত শ্ৰেষ্ঠ অভিনেতা বিজয়ী চিলিয়ান মাৰ্ফীৰ কাষত থিয় হৈ থকা দীপিকাৰ এখন ফটো নেটত ভাইৰেল হৈ পৰিছে ৷ অনুৰাগীৰ প্ৰশ্ন- হলিউডৰ পৰ্দাত পুনৰ দেখা যাবনে দীপিকা পাডুকনক? কিছুদিন পূৰ্বে মুক্তি লাভ কৰিছিল দীপিকাৰ ‘ফাইটাৰ’ ছবি।