মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দুৰ্গা পূজা অনুষ্ঠিত হ’ব বুলি কৰা ঘোষণাৰ পিছতেই উৎফুল্লিত হৈ পৰিছে মৃৎ শিল্পীৰ লগতে অন্যান্য উদ্যোগী-ব্যৱসায়ীসকল। প্ৰায় ডেৰটা বছৰৰ বিৰতিত এয়া যেন তেওঁলোকৰ বাবে এক বৃহৎ সকাহ।
সততে দুৰ্গা পূজা বুলি ক’লেই বিৰ দি বাট নোপোৱা হোৱা দোকান-পোহাৰ আৰু পূজাথলীৰ শূণ্য ছবিয়ে কেৱল মনবোৰেই সেমেকাই তোলা নাছিল। চাকৰিজীৱিসকলৰ বাবে এয়া আছিল উৎসৱৰ আনন্দ ল’ব নোৱাৰাৰ বেজাৰ কিন্তু আন এচামৰ বাবে পেট-ভাতৰ প্ৰসংগ।
বাৰ মাহত তেৰটা পূজাৰ দেশ ভাৰতবৰ্ষ। উৎসৱে-পাৰ্বনে সমজুৱা জীৱনৰ আনন্দ ল’ব খোজা মানুহবোৰক ক’ভিড মহামাৰীৰ আতংকই বিগত প্ৰায় ডেৰ বছৰজুৰি গৃহবন্দী কৰি ৰাখিছে। দুৰ্ভাগ্যজনক ভাৱে এই বন্দীত্বই একাংশৰ জীৱন-জীৱিকাক বাৰুকৈয়ে প্ৰভাৱান্বিত কৰিলে।
উৎসৱৰ আনন্দৰ লগত একাংশ ব্যক্তিৰ ভাত-কাপোৰৰ চিন্তা সদায়েই জড়িত হৈ থাকে। ক্ষুদ্ৰ উদ্যোগৰ পৰা বৃহৎ ব্যৱসায়ীলৈকে সকলোৱেই মহামাৰীৰ ৰোষত পৰিল। এই সময়ত ভাল খবৰ এয়েই যে অসমত ক’ৰনাৰ সংক্ৰমণ কিছু হ্ৰাস পাইছে।
কিছুদিন আগতে ঘোষণা কৰা নতুন এছ অ’ পিয়ে ৰাজ্যবাসীৰ মনলৈ কিছু সকাহ কঢ়িয়াই আনিছিল যদিও তাত উৎসৱ সন্দৰ্ভত কোনো নিৰ্দেশনা দিয়া হোৱা নাছিল। বুধবাৰে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে নিৰ্দিষ্ট নিয়মাৱলী অনুসৰণ কৰি দুৰ্গা পূজা অনুষ্ঠিত কৰিব পাৰিব বুলি স্পষ্ট কৰে।
মুখ্যমন্ত্ৰীৰ এই নিশ্চয়তাই যেন ব্যৱসায়ীসকলক নতুন জীৱন দান দিলে। বিগত বৰ্ষত দুৰ্গা পূজা অতি অনুষ্টুপীয়াকৈ আয়োজন কৰিবলগীয়া হৈছিল। মৃৎ শিল্পীৰ লগতে উছৱ বুলি ক’লেই ভৰপূৰ হৈ পৰা দোকান-বজাৰ-হোটেল-ৰেঁষ্টোৰাৰ ব্যৱসায়ীসকলো আগন্তুক পূজাক লৈ আশাবাদী হৈ পৰিছে।