শান্তিৰ নোবেল বঁটাপ্ৰাপক কৈলাস সত্যার্থীৰ নেতৃত্বত সমগ্ৰ দেশত চলি থকা বাল্যবিবাহ ৰোধৰ যাত্ৰাৰ লগত সংগতি ৰাখি অসমতো আৰম্ভ কৰা হৈছে বাল্যবিবাহমুক্ত অসম অভিযান ৷ এই দিশত লোৱা পদক্ষেপসমূহৰ লগতে সজাগতাৰ দিশটো অধিক শক্তিশালী কৰিবলৈ আজি গুৱাহাটীৰ ভবেন্দ্ৰালয়ত আয়োজন কৰা হয় এখন আলোচনাচক্ৰ ৷ ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগ(এ এছ চি পি চি আৰ)ৰ উদ্যোগত আৰু দেশৰ আগশাৰীৰ বেচৰকাৰী সংস্থা বচপন বচাও আন্দোলনৰ সহযোগত বাল্যবিবাহমুক্ত অসমৰ দিশে ৰাজ্যিক আলোচনাচক্ৰখন অনুষ্ঠিত হয় ৷
আলোচনাচক্ৰখনত আদৰণি ভাষণ প্ৰদান কৰি অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষ তথা প্ৰাক্তন আৰক্ষী বিষয়া ডঃ শ্যামল শইকীয়াই কয় – “ আইন কিতাপত সংহিতাকৃত এক শক্তিশালী সাধাৰণ জ্ঞানৰ বাহিৰে আন একো নহয়। কন্যা সন্তানৰ অধিকাৰ আৰু শিক্ষাৰ ক্ষেত্ৰত অসমত লিংগ বৈষম্য দেখা যায় ৷ যিবোৰ সমাজত নিৰক্ষৰতা, দৰিদ্ৰতা আৰু লিংগ বৈষম্য আছে, সেইবোৰ সমাজত বাল্যবিবাহে প্ৰত্যাহ্বানৰ সৃষ্টি কৰি থাকিব। এ এছ চি পি চি আৰৰ দৰে নিৰীক্ষণ সংস্থাসমূহে বাল্য বিবাহৰ বিৰুদ্ধে যুঁজিবলৈ বলবৎকাৰী সংস্থাসমূহৰ দ্বাৰা বিভিন্ন আইন আৰু আঁচনিসমূহ পৰ্যাপ্তভাৱে ৰূপায়ণ হৈছেনে নাই সেয়া নিৰীক্ষণ কৰাটো প্ৰয়োজন।”
অসম চৰকাৰে ৰাজ্যৰ অতি দুৰ্গম অঞ্চললৈ গৈ শিশুসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে লোৱা পদক্ষেপৰ শলাগ লয় কোচি লোকমঞ্চৰ কার্যবাহী সঞ্চালক ঋষিকান্তে । তেওঁ কয়, ‘বাল্য বিবাহৰ অন্ত পেলাবলৈ ৰাজ্য চৰকাৰে দৃঢ়তাৰে কৰি থকা কাম অতিশয় প্ৰশংসনীয়। একাদশ শ্ৰেণী, স্নাতক আৰু স্নাতকোত্তৰত নামভর্ত্তি কৰা ছাত্ৰীক উদ্গনি প্ৰদানৰ চৰকাৰে লোৱা সিদ্ধান্ত সকলো শিশুৰ শিক্ষা সুনিশ্চিত কৰা আৰু বাল্যবিবাহ অন্ত পেলোৱাৰ দিশত এক সবল খোজ ৷ এই যুঁজত এয়া এক যুগান্তকাৰী পদক্ষেপ ৷”
ইফালে জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে অনুষ্ঠানত ভাষণ প্ৰদান কৰি কয় যে বাংলাদেশে অনাগত বছৰবোৰত বাল্যবিবাহ হ্ৰাস কৰাৰ লক্ষ্য বান্ধি লৈছে ৷ সংসদত ছোৱালীৰ বিবাহৰ বয়স ২১ বছৰলৈ বৃদ্ধি কৰাৰ বিষয়ে চর্চা হৈছে ।বৰদলৈয়ে ডঃ শ্যামল প্ৰসাদ শইকীয়াৰ সৈতে একমত পোষণ কৰি ছোৱালীৰ বিবাহৰ বয়স ২৫ বছৰলৈ বৃদ্ধি কৰিব পৰা যায় বুলিও মতপোষণ কৰে ৷ উত্তৰাখণ্ডত উমৈহতীয়া দেৱানী বিধিৰ জৰিয়তে বিবাহৰ বয়স ২১ বছৰলৈ বৃদ্ধি কৰাৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে অসমেও ভৱিষ্যতে উমৈহতীয়া দেৱানী বিধি বলবৎ কৰি বিবাহৰ বয়স ২১ বছৰলৈ বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে। বাল্যবিবাহ হ্ৰাস কৰিবলৈ কৈলাস সত্যার্থী শিশু ফাউণ্ডেচনে গ্ৰহণ কৰা পদক্ষেপৰো তেওঁ শলাগ লয়
আলোচনাচক্ৰখনৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ পৰিয়াল পৰিকল্পনা আৰু স্বাস্থ্য সেৱা সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক ডাঃ যদুমণি দত্ত, ৰাজ্যিক শিশু সুৰক্ষা সমাজ, অসমৰ অতিৰিক্ত সদস্য সচিব ডঃ প্ৰীতিলেখা দত্ত উপস্থিত থাকে ৷ ইয়াৰ পাছতে কেইবাটায়ো বিষয়ত কাৰিকৰী সত্ৰ অনুষ্ঠিত হয় ৷ অনুষ্ঠানৰ শেষত বচপন বচাও আন্দোলনৰ শিশু সুৰক্ষা ৰাজ্যিক সমন্বয়ক ববিতা শইকীয়াই শলাগৰ শৰাই আগবঢ়ায় ৷