বিশ্বৰ এনে এখন দেশ যিখন দেশক পশ্চিমীয়া সভ্যতাৰ জন্মস্থান বুলি গন্য কৰা হয়।সেই দেশখন হ’ল গ্ৰীচ৷ গ্ৰীকসকলৰ অধিকাংশই খ্ৰীষ্টান ধৰ্মাৱলম্বী। আনহাতে বিশ্বৰ অন্যতম পুৰণি চহৰখন হ’ল গ্ৰীচৰ ৰাজধানী এথেন্স। এই এথেন্স চহৰৰ উন্নয়নৰ ইতিহাস অতি পুৰণি। সভ্যতাৰ পাতনি মেলা এইখন দেশৰ ভাষা হ’ল গ্ৰীক যি হ’ল বিশ্বৰ আটাইতকৈ পুৰণি লিখিত ভাষা ৷
ইউৰোপ মহাদেশৰ দক্ষিণ-পূব অংশত অৱস্থিত এখন দেশ হ’ল গ্ৰীচ৷
• প্ৰাচীন ঐতিহাসিক বহু শিল্প-ভাস্কৰ্য্য আৰু জ্ঞানেৰে ভৰা এই দেশৰ সৌন্দৰ্য্যই সদায় সকলোৰে হৃদয় জয় কৰে।
• প্ৰাচীন গ্ৰীচত সৰ্বপ্ৰথম শাসন ব্যৱস্থা আছিল গণতন্ত্ৰ ।
• গ্ৰীক সভ্যতাৰ অন্যতম অৱদান হৈছে অলিম্পিক গেমছ, বিভিন্ন দাৰ্শনিক ধাৰণা, ৰাষ্ট্ৰ আৰু বিজ্ঞান, পাশ্চাত্য সাহিত্য, বৈজ্ঞানিক আৱিষ্কাৰ, গণতন্ত্ৰ, থিয়েটাৰ, নাটক ইত্যাদি।
• গ্ৰীচৰ চৰকাৰী ভাষা গ্ৰীক,যি হ’ল বিশ্বৰ আটাইতকৈ পুৰণি লিখিত ভাষা।
• গ্ৰীচৰ ৰাজধানী এথেন্সত প্ৰাগঐতিহাসিক যুগৰ এনে বহুতো কীৰ্তিচিহ্ন আছে যিয়ে সেই সময়ক প্ৰতিফলিত কৰে।
• গণিত শাস্ত্ৰৰ ক্ষেত্ৰত গ্ৰীকসকলৰ অৱদান অপৰিসীম। পাইথাগোৰাছ, প্লেটো, আলেকজেণ্ডাৰ, আৰ্কিমিডিছ আদি মহান গণিতজ্ঞৰ জন্মস্থান হ’ল গ্ৰীচ।
• এই চহৰৰ প্ৰতিখন ঘৰৰ বেলকনি সজাই তোলা হয় বিভিন্ন ধৰণৰ ফুলেৰে ৷
• ঐতিহাসিক যুগৰ এক সুন্দৰ কীৰ্তিচিহ্ন এথেন্স চহৰত অৱস্থিত এক্ৰ’পলিছ যাক এতিয়া সংগ্ৰহালয়লৈ পৰিৱৰ্তন কৰা হৈছে।
• আচৰিত কথা যে প্ৰাচীন গ্ৰীচত কাৰোবাৰ গালৈ এটা আপেল দলিয়াই দিয়াৰ অৰ্থ হ’ল যে আপুনি তেওঁক ভাল পায়। আপেল দলিয়াই দি তেওঁলোকে এজনে আনজনৰ প্ৰতি থকা মৰম-ভালপোৱা প্ৰকাশ কৰে।
• প্ৰাচীন গ্ৰীচত বহুতো দেৱ-দেৱী আছিল। ভাৰতীয় বৈদিক শাস্ত্ৰ অনুযায়ী গ্ৰীকসকলে বহু দেৱ-দেৱীক বিশ্বাস কৰিছিল।