কেন্দ্ৰীয় চৰকাৰে দেশৰ মহিলাসকলৰ বাবে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। উল্লেখ্য যে এতিয়াৰে পৰা মহিলাসকলৰ বাবেও মুকলি কৰি দিয়া হৈছে “National Defense Academy- NDA‘’ ৰ দুৱাৰ। বৰ্তমান সময়লৈকে মাত্ৰ পুৰুষ সকলৰহে অনুমতি আছিল NDAত প্ৰৱেশ কৰাৰ।
প্ৰাপ্ত তথ্য অনুসৰি উচ্চতম ন্যায়ালয়লৈ এই বাৰ্তা প্ৰেৰণ কৰে কেন্দ্ৰীয় চৰকাৰে। চৰকাৰৰ কিছু সহস্ত্ৰ ক্ষেত্ৰৰ লোকে এই বিষয়টোৰ ওপৰত অত্যধিক গুৰুত্ব দিছে আৰু বহুতৰ মতে ভৱিষ্যত প্ৰজন্মৰ বাবে ই এক উচিত নিৰ্ণয় বুলি প্ৰমাণিত হ’ব।
উল্লেখ্য যে এএছ জি ঐশ্বৰ্য ভাটিয়ে জনোৱা মতে চলিত বৰ্ষত বিভিন্ন জটিলতাৰ বাবে শৈক্ষিক ক্ষেত্ৰত অতি সোনকালে এই কাম কাৰ্যত পৰিণত কৰা সম্ভৱ নহ’ব। কিন্তু এই বৰ্ষত এই সম্বন্ধীয় কোনো কাৰ্য নহ’লেও তাত স্থায়িত্ব বজাই ৰাখিবলৈ চেষ্টা কৰা হ ’ব। আনহাতে UPSC য়ে ৫ ছেপ্তেম্বৰত হ’ব লগীয়া NDA ৰ পৰীক্ষা ২৪ নবেম্বৰলৈ পিছুৱাই দিয়াৰ কথা ইতিমধ্যে জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য মতে উচ্চতম ন্যায়ালয়েও কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক সন্মান জনাইছে। চৰকাৰৰ এই পদক্ষেপক ন্যায়ালয়ৰ সঞ্জয় কিষাণ কৌল ৰ অধ্যক্ষতাত থকা সকলোৱে সন্মতি প্ৰদান কৰিছে। ন্যায়ালয়ে জনোৱা মতে চৰকাৰৰ এই সিদ্ধান্তত অত্যন্ত সুখী উচ্চতম ন্যায়ালয়।
আনহাতে এএছ জি ঐশ্বৰ্য ভাটিয়ে NDA ত ছাত্ৰী সকলৰ নামভৰ্ত্তিৰ প্ৰসংগৰ বিষয়টোত আলোচনাৰ বাবে দুই সপ্তাহৰ সময় বিচাৰিছে। ফলত ন্যায়ালয়ে ইয়াৰ সিদ্ধান্ত অনুসৰি দুই সপ্তাহৰ সময়সীমা ধাৰ্য কৰি দিয়াৰ লগতে অহা ২২ চেপ্তেম্বৰত দ্বিতীয়বাৰ শুনানিৰ তাৰিখ ধাৰ্য কৰিছে।