অসমৰ বিভন্ন অঞ্চলত এতিয়াও আছে বেজ-বেজালিৰ দৰে কুসংস্কাৰৰ ৷ কিন্তু এতিয়াৰে পৰা বেজ-বেজালি, ক’লা যাদু আদিৰ দৰে অপ সংস্কৃতি ৰোধ কৰাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ এতিয়াৰে পৰা অপৰাধ হিচাপে গণ্য হ’ব বেজ-বেজালি, ক’লা যাদু! ভুৱা প্ৰচাৰেৰে কোনোৱে বিক্ৰী কৰিব নোৱাৰিব দৰৱ! আনকি প্ৰকাশ কৰিব নোৱাৰিব বিজ্ঞাপনো! বিধানসভাত আজি এই সন্দৰ্ভত উত্থাপন হ’ল এখন গুৰুত্বপূৰ্ণ বিধেয়ক। সদনত উত্থাপন হ’ল ‘আছাম হিলিং (প্ৰিভেন্সন অব এভিল) প্ৰেক্টিচ’ বিধেয়ক।
এই বিধেয়ক আইনলৈ ৰূপান্তৰিত হ’লেই অপৰাধ হিচাপে গণ্য হ’ব বেজ-বেজালি, ক’লা যাদু আদিৰ দৰে কুসংস্কাৰৰ। ভুৱা প্ৰচাৰেৰে কোনো লোকে বিক্ৰী কৰিব নোৱাৰিব দৰৱ।কোনোৱে অবৈধভাৱে এই কাম কৰিলেই ১ লাখ টকাৰ জৰিমনা সহ ৫ বছৰৰ কাৰাদণ্ড বিহাৰ বিধান ৰখা হৈছে বিধেয়কখনত ৷
মুখ্যমন্ত্ৰীৰ হৈ বিধেয়কখন সদনত উত্থাপন কৰে সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই।বিধেয়কত উল্লেখ কৰা অনুসৰি উপ-পৰিদৰ্শক পদৰ তলৰ বিষয়াই গোচৰৰ তদন্ত। সমগ্ৰ ৰাজ্যতে প্ৰযোজ্য হ’ব এই আইন। তদুপৰি কু-সংস্কাৰৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব সজাগতা কাৰ্যসূচী। সুস্থ-সবল আৰু বিজ্ঞানমুখী সমাজ গঢ়াৰ স্বাৰ্থতেই আজি সদনত উত্থাপন কৰা হয় এই বিধেয়কখন ।