উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ এয়াৰ এম্বুলেঞ্চেযোগে লৈ যোৱা হৈছে ৷ জেএমচিএইছৰ পৰা পৰিয়ালৰ ইচ্ছা অনুসৰি উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ লৈ যোৱা হৈছে সাংসদ গগৈক।
উল্লেখ্য যে গাড়ীৰ পৰা নমাৰ সময়ত সোঁ ভৰিত আঘাত পাইছিল সাংসদ গৰাকীয়ে ৷ সোঁ ভৰিৰ সৰু গাঠিৰ ওচৰত তিনি স্থানত হাড় ফাটিছিল সাংসদগৰাকীৰ। ইয়াৰ পাছতে তেওঁক জেএমচিএইচত ভর্ত্তি কৰোৱা হয় ৷চিকিৎসাধীন হৈ থকা সাংসদগৰাকীৰ অস্ত্ৰোপ্ৰচাৰৰ বাবে প্ৰস্তুত হৈছিল জেএমচিএইছ কৰ্তৃপক্ষ।
কিন্তু দিল্লীৰ উন্নত চিকিৎসালয়ত পৰৱৰ্তী চিকিৎসা কৰাবলৈ পৰিয়ালে ইচ্ছা প্ৰকাশ কৰাত দিল্লীলৈ লৈ যোৱা হৈছে সাংসদগৰাকীক। দিল্লীৰ এইমছ অথবা এপলো হস্পিটেলত চিকিৎসাৰ বাবে ভৰ্তি কৰা হ’ব সাংসদগৰাকীক। উল্লেখ্য জেএমচিএইছত পেয়িং কেবিন তথা ভিআইপি কেবিন নথকা বাবে সমস্যাৰ সন্মুখীন হৈছিল সাংসদগৰাকীৰ পৰিয়াল। তদুপৰি সাংসদ গৰাকীৰ স্বাস্থ্যক লৈ শংকিত হৈ পৰিছিল পৰিয়ালৰ লোকসকল ৷