ৰোগে শৰীৰত আক্ৰমণ কৰাৰ আগতে নিজৰ অতিৰিক্ত যত্ন লোৱাটো জৰুৰী। ৪০ বছৰৰ পাছত কেইটামান নিয়ম পালন নকৰিলে বৃদ্ধাৱস্থাত বিভিন্ন সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰিব। বয়স যিয়েই নহওক কিয়, সুস্থ হৈ থাকিবলৈ খাদ্যাভ্যাস অতি প্ৰয়োজনীয়। বহু কথা নিৰ্ভৰ কৰে আপুনি কি খাব, আপোনাৰ স্বাস্থ্য কেনেকুৱা হ’ব তাৰ ওপৰত। সেয়ে প্ৰতিদিনে খাদ্যত কিছুমান উপাদান থাকিব লাগে, যিয়ে শৰীৰত থকা খনিজ পদাৰ্থৰ অভাৱ পূৰণ কৰাত সহায় কৰে।
১) আঁহযুক্ত খাদ্যই ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। তদুপৰি হজম শক্তি উন্নত কৰাৰ ক্ষেত্ৰতো আঁহ অতি ফলপ্ৰসূ। মচুৰ দাইল, শাক, আলমণ্ড, শুকান ফল, বীন, ওটছ আদি আঁহযুক্ত খাদ্য পুৰুষে ৪০ বছৰৰ পিছত দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰাটো অতি প্ৰয়োজনীয়।
২) উচ্চ ৰক্তচাপৰ আশংকাৰ পৰা হাত সাৰিবলৈ কম পৰিমাণৰ ছডিয়ামযুক্ত খাদ্য বেছিকৈ খাব লাগে। কল আৰু পালেং শাকৰ উপৰিও কেইবাবিধো শাক-পাচলি আৰু ফল-মূলত ছডিয়ামৰ পৰিমাণ কম। এনে খাদ্যই শৰীৰত পটাছিয়ামৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে।
৩) ৪০ বছৰ পাৰ হোৱাৰ পিছতো বিভিন্ন ধৰণৰ পেটৰ অশান্তি আৰম্ভ হয় ৷ গেছ জমা হ’লে আন বহুতো ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে অন্ত্ৰৰ সুস্বাস্থ্য সুনিশ্চিত কৰিবলৈ নিয়ম মানি চলিব লাগে ৷
৪) ফলমূল আৰু শাক-পাচলি বেছিকৈ খাব লাগে। কাৰণ এই খাদ্যবোৰত ভিটামিন, ফাইবাৰ, এন্টিঅক্সিডেন্ট আৰু মিনাৰেল প্ৰচুৰ পৰিমাণে থাকে। সামগ্ৰিকভাৱে শৰীৰৰ যত্ন লয়। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।
৫)শাক-পাচলি, ফল-মূল, বাদামৰ উপৰিও বিভিন্ন ধৰণৰ শস্যত ভিটামিন আৰু খনিজ পদাৰ্থও প্ৰচুৰ পৰিমাণে থাকে। চল্লিশৰ পিছত খালে হৃদৰোগৰ সম্ভাৱনা কম হয়।