আজিৰ প্ৰেক্ষাপটত সমগ্ৰ বিশ্বজুৰি সবাতোকৈ চৰ্চিত বিষয়টোৱেই হৈছে তালিবানৰ আফগানিস্তান দখল। সমগ্ৰ বিশ্ববাসীকে আশ্চৰ্যচকিত কৰি শাসনলৈ অহাৰ কেইটামান দিনৰ ভিতৰতে আফগান নাগৰিকসকলৰ জীৱন দুৰ্বিসহ কৰি পেলাইছে তালিবানে।
যি সময়ত সমগ্ৰ বিশ্বই মানৱ জাতিৰ উত্তৰণৰ প্ৰচেষ্টাত শিক্ষা আৰু বিজ্ঞানৰ অগ্ৰগতিক গুৰুত্ব প্ৰদান কৰিছে। একে সময়তে তালিবান শাসকে দেশখনৰ প্ৰগতিৰ সকলো পথ বন্ধ কৰি শিক্ষা ব্যৱস্থা সন্দৰ্ভত জাৰি কৰা অদ্ভূত নিৰ্দেশনাবোৰে দেশখনৰ সমাজ ব্যৱস্থাৰ পশ্চাদমুখী গতিক প্ৰতিনিধিত্ব কৰিছে।
কেইদিনমানৰ আগতে আফগানিস্তানৰ শিক্ষানুষ্ঠান এখনৰ শ্ৰেণীকোঠা এটাৰ ছবি ভাইৰেল হৈছিল। য’ত ল’ৰা আৰু ছোৱালীবোৰৰ মাজত পৰ্দাৰ ব্যৱস্থা কৰি শিক্ষাদান হৈছিল। অৰ্থাৎ একেটা কোঠাতে ল’ৰা আৰু ছোৱালীৰ বাবে পৃথক শিক্ষাৰ ব্যৱস্থা!
তালিবানে আন্তৰ্জাতিক সম্প্ৰদায়ৰ সমৰ্থন লাভৰ উদ্দেশ্যেৰে সংস্কাৰমুখী আৰু প্ৰগতিশীল চিন্তাৰে দেশ পৰিচালনা কৰিব বুলি মন্তব্য কৰিছিল যদিও কাৰ্যত বিপৰীত ছবি এখনহে প্ৰতিফলিত কৰিছে। স্থানীয় শিল্পীকে ধৰি গাত লিপিট খাই থকা পোছাক পিন্ধাৰ অভিযোগ কৰি নাৰী হত্যা আৰু শেহতীয়াকৈ ৮ মাহৰ গৰ্ভৱতী আৰক্ষী বিষয়া এগৰাকীক হত্যা কৰি তালিবানে বৰ্বৰতাৰ চৰম নিদৰ্শন দাঙি ধৰিছে।
এতিয়া তালিবানৰ শিক্ষা মন্ত্ৰী শ্বেখ মল্ভি নুৰুল্লাহ মুনিৰ মন্তব্যই হতবাক কৰিছে বিশ্বক। শিক্ষা মন্ত্ৰীৰ ঘোষণা অনুযায়ী আফগানিস্তানত এম এ, পি এইচ ডি শিক্ষাৰ কোনো মূল্য নাই। তেখেতৰ মতে ক্ষমতাত অধিষ্ঠিত মোল্লা আৰু তালিবানৰ বহুতৰে উচ্চ শিক্ষাতো বাদেই হাইস্কুলীয়া শিক্ষাও নাই। তথাপি তেওঁলোক জ্ঞানী আৰু সন্মানীয়। এনে প্ৰেক্ষাপটত আনুষ্ঠানিক উচ্চ শিক্ষা অৰ্থহীন বুলিও মন্তব্য কৰে শিক্ষা মন্ত্ৰীয়ে।
তেখেতৰ এই মন্তব্যৰ লগে লগে বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। আফগান নাগৰিকসকলৰ গৰিষ্ঠসংখ্যকেই আশংকা প্রকাশ কৰিছে যে বিগত দুটা দশকত দেশখনত যি শিক্ষা ব্যৱস্থা চলি আছিল, তালিবানী শাসনত এয়া সম্পূর্ণৰূপে ধ্বংস হ’ব৷ ইয়াৰ পূর্বে ১৯৯৬ৰ পৰা ২০০১ চন পর্যন্ত তালিবানৰ প্রথম শাসনত আফগানিস্তানৰ কিশোৰী–যুৱতীসকলৰ শিক্ষানুষ্ঠানলৈ যোৱাৰ অধিকাৰ নাছিল।
উল্লেখনীয় যে ৩৩ জনীয়া তালিবানৰ মন্ত্ৰীসভাত এগৰাকীও মহিলা প্ৰতিনিধি অন্তৰ্ভুক্ত কৰা হোৱা নাই। মহিলাই বিদ্যালয়লৈ হিজাব আৰু বোর্খা পৰিধান কৰি যাব লাগিব বুলিও ফতোৱা জাৰি কৰিছে তালিবানে৷ কলেজ-বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে তালিবানৰ এই ফতোৱাৰ প্রতিবাদ কৰিছে যদিও সেয়া অৰণ্যৰোদনৰ বাদে যে একো নহয় বিশ্ববাসীয়ে বুজি উঠিছে।