পেটৰ বিষত আক্ৰান্ত এজন যুৱকৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত অস্ত্ৰোপচাৰ কৰি হতভম্ব হৈ পৰিছে চিকিৎসক ৷ অস্ত্ৰোপচাৰৰ সময়ত যুৱকজনৰ পেটৰ পৰা ৩৯ টা মুদ্ৰা উলিয়াবলৈ সক্ষম হৈছে চিকিৎসকে ৷ কেৱল সেয়াই নহয়, ঘূৰণীয়া, সমতল, ত্ৰিভুজ আদি বিভিন্ন আকৃতিৰ প্ৰায় ৩৭টা চুম্বক তেওঁৰ পেটৰ পৰা উলিয়াই অনা হয় ৷
দিল্লীত সংঘটিত হৈছে এই ঘটনা। পেটৰ তীব্ৰ বিষ আৰু বমিৰ লক্ষণ দেখা পাই এজন যুৱকক শ্ৰীগংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। পৰিয়ালৰ লোকে জনোৱা মতে, যোৱা ২০ দিন ধৰি যুৱকজনে খাদ্য খোৱা বন্ধ কৰি দিছিল। বমিও হৈছিল। তেওঁৰ পৰিয়ালৰ লোকে চিকিৎসকক জনোৱা মতে, যোৱা কেইসপ্তাহমানৰ পৰা যুৱকজনে মুদ্ৰা আৰু চুম্বক খাই আছিল। লগে লগে চিটি স্কেন কৰিলে। দেখা যায় যে যুৱকজনৰ অন্ত্ৰত কেইবাটাও মুদ্ৰা আৰু চুম্বক আবদ্ধ হৈ আছে। লগে লগে চিকিৎসকে অপাৰেচন কৰাৰ সিদ্ধান্ত লয়। চিকিৎসকে জনোৱা মতে, অস্ত্ৰোপচাৰৰ অন্তত ১, ২ আৰু ৫ টকীয়া মুদ্ৰা উদ্ধাৰ কৰা হৈছে। যুৱকজনৰ পেটতো বিভিন্ন আকৃতিৰ চুম্বক পোৱা গৈছে।
অস্ত্ৰোপচাৰৰ পিছত চিকিৎসকজনে যুৱকজনক সুধিলে, এই মুদ্ৰা আৰু চুম্বক কিয় খাইছিল তেওঁ? ইয়াৰ বাবেই তেওঁৰ জীৱন বিপদত পৰিব পাৰে! কিন্তু যুৱকজনে দিয়া উত্তৰবোৰ শুনি চিকিৎসকসকল অধিক হতভম্ব হৈ পৰে। যুৱকজনে দাবী কৰে যে তেওঁ শুনিছিল যে জিংকে ফিট শৰীৰ গঢ়ি তোলাত মুখ্য ভূমিকা পালন কৰে। মুদ্ৰা আৰু চুম্বকত জিংকৰ পৰিমাণ বেছি হোৱাৰ বাবে তেওঁ সেইবোৰ খাই সোনকালে সুঠাম শৰীৰ গঢ়ি তুলিব বিচাৰিছিল । কিন্তু তেওঁ এবাৰো ভবা নাছিল যে তেওঁৰ এই ‘অদ্ভুত’ পৰিকল্পনা মাৰাত্মক হ’ব পাৰে।