বুধবাৰে বিয়লি ৪ বজাত মাজুলীৰ ভৰ লুইতৰ বুকুক সংঘটিত হোৱা কৰুণ নাও দুৰ্ঘটনাৰ দায়িত্ব স্বীকাৰ কৰি তাৎক্ষণিকভাৱে জল পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে তিনিজনকৈ অভিযন্তাক তৎকালে চাকৰিৰ পৰা নিলম্বন কৰাৰ নিৰ্দেশ জাৰি কৰিছে।
সেই অনুসৰি জল পৰিবহন বিভাগৰ ডিব্ৰুগড় মণ্ডলৰ ভাৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী, যোৰহাট মণ্ডলৰ ভাৰপ্ৰাপ্ত সহকাৰী অভিযন্তা মুকুট গগৈ, কণিষ্ঠ অভিযন্তা ৰাতুল তামূলীক চাকৰিৰ পৰা নিলম্বন কৰিছে।
উল্লেখ যোগ্য যে নিলম্বন হোৱা ডিব্ৰুগড় মণ্ডলৰ বিক্ৰমাদিত্য চৌধুৰী ২০১৮ বৰ্ষৰ ৫ ছেপ্টেম্বৰত উত্তৰ গুৱাহাটীত সংঘটিত হোৱা ভয়ানক নাও দুৰ্ঘটনাৰ আঁৰৰো খলনায়ক আছিল। সেই সময়তো জল দপ্তৰ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কৰ্তব্যত কৰা চূড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰ বাবে নিলম্বন কৰিছিল অভিযন্তাজনক।
যদিও পৰৱৰ্তী সময়ত পুনৰ এই দায়িত্বজ্ঞানহীন বিষয়া জনক জল পৰিবহন বিভাগৰ ডিব্ৰুগড় মণ্ডলৰ কাৰ্যবাহী অভিযন্তাৰ দৰে গুৰুত্বপূৰ্ণ পদবীৰ দায়িত্ব দিছিল।
তিনি বছৰ পূৰ্বে সংঘটিত হোৱা এই নাও দুৰ্ঘটনাতো ৪০ জনৰো অধিক যাত্ৰী ডুব গৈছিল ব্ৰহ্মপুত্ৰৰ বুকুত।তিনি বছৰে কৰ্তব্যত কৰা গাফিলতিৰ বাবে পুনৰ দ্বিতীয় বাৰলৈ এই খলনায়ক জন নিলম্বন হ’বলগীয়া হোৱা বিষয়টোৱে এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে।
যিহেতু উত্তৰ গুৱাহাটীৰ ঘটনাৰ দৰে যোৰহাটৰ নিমাতী ঘাটত দুৰ্ঘটনাত পতিত হোৱা ফেৰী খনৰো নাছিল প্ৰয়োজনীয় চৰকাৰী নথি-পত্ৰ।বিশেষকৈ যোগ্যতাৰ প্ৰমাণপত্ৰ, চালকৰ পঞ্জীয়ন, লাইফ জেকেট নথকাৰ বাবে যোৰহাটৰ এই ভয়ানক নাও দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে।
ইফালে উত্তৰ গুৱাহাটীত সংঘটিত হোৱা ঘটনাৰ তদন্ততো পোহৰলৈ আহিছিল জল পৰিবহন বিভাগৰ অনুৰূপ গাফিলতি।ইয়াৰ পিছতো সেই একেজন বিষয়াক পুনৰ চাকৰিত যোগদানৰ সুবিধা দি ৰাজ্য চৰকাৰে মাজুলীৰ দুৰ্ঘটনাৰ সুযোগ দিয়া বুলিও চৰ্চা চলিছে। একেদৰে জল পৰিবহন বিভাগে বাৰম্বাৰ সাধাৰণ লোকৰ জীৱন বিপদাপন্ন কৰি দায়িত্বজ্ঞানহীন এজন বিষয়াক পুনৰ এক গুৰুত্বপূৰ্ণ পদবীত মকৰল কৰি ৰখাৰ আঁৰৰ ৰহস্যক লৈও বিতৰ্কৰ সৃষ্টি হৈছে।
ইফালে এই ঘটনাৰ বাবে গভীৰ দুখ প্ৰকাশ কৰি জল পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিছে। সেইমৰ্মে পৰিবহণ সচিব যাদৱ শইকীয়াক এই দুৰ্ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছে।
পৰিতাপৰ কথা যে,পূৰ্বৰ দৰে এই ঘটনাতো নাওখনৰ যাত্ৰীৰ সংখ্যা,যাত্ৰীৰ নাম-ঠিকনা আদি কোনো তথ্যই নাই জল পৰিবহণ বিভাগৰ হাতত।যাৰ পৰিপ্ৰেক্ষিতত এতিয়া নাও খনত যাত্ৰা কৰা লোকৰ সঠিক সংখ্যা আৰু ঠিকনা লাভ কৰা নাই বিভাগটোৱে।