২০২০ চনৰ ৮ জানুৱাৰীত নদীদ্বীপ মাজুলীত আত্মপ্ৰকাশ কৰা সাপ্তাহিক ‘অসম বাৰ্তা’ কাকতৰ চতুৰ্থ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি বিভিন্ন শিতানৰ বটাঁসমূহ ঘোষণা কৰা হৈছে ৷ ‘অসম বাৰ্তা’ গোষ্ঠীৰ সম্পাদক তনয় বৰাই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে ২০২৪ বৰ্ষৰ গোষ্ঠীটোৰ বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰে। ২০২৪ বৰ্ষৰ ‘হোমেন বৰগোহাঞি সাংবাদিকতা বঁটা’ জ্যেষ্ঠ সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ আগবঢ়োৱা হৈছে ৷
গোস্বামী বৰ্তমান অসমৰ আগশাৰীৰ বৈদ্যুতিন মাধ্যম ‘এনকে টিভিৰ লগতে অসমীয়া দৈনিক কাকত ‘আমাৰ অসম’ৰ মুখ্য সম্পাদক৷ ১৯৮৬ চনত চন্দ্ৰপ্ৰসাদ বৰুৱাৰ সম্পাদনাত প্ৰকাশিত ‘নতুন দৈনিক’ কাকতৰ জৰিয়তে সাংবাদিকতাৰ জগতত আত্মপ্ৰৱেশ কৰা গোস্বামী পৰৱৰ্তী সময়ত আজিৰ বাতৰি, আমাৰ অসম, জনসাধাৰণ আদি কাকতৰ সাংবাদিক, সম্পাদক, কাৰ্যবাহী সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰে ৷ তেওঁ ১২ বছৰ ধৰি বৈদুতিন মাধ্যম ‘ডিওৱাইৰ মুখ্য সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷
বহুৰূপীৰ পৰা বিচ্ছুৰীত প্ৰেমৰ বৰ্ণালীলৈকে ৭৫০ খনৰো অধিক গ্ৰন্থৰ ৰচনাৰে বিৰামহীন বৰ্ণিল যাত্ৰা অব্যাহত ৰখা ৰহস্য সম্ৰাট কুমুদ চন্দ্ৰ হাজৰিকা(ৰঞ্জু হাজৰিকা)লৈ আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ ‘সাহিত্য উন্মেষ বঁটা’৷ অসমীয়া সাহিত্যজগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলৈ এই বটাঁ আগবঢ়োৱা হৈছে ৷