কেন্দ্ৰীয় চৰকাৰে কৃষকৰ বাবে কঢ়িয়াই আনিছে এক সুখবৰ। উল্লেখ্য যে ঘেঁহু আৰু সৰিয়হৰ দৰে ৰবি শস্যসমূহৰ নূন্যতম মূল্য বৃদ্ধি কৰা হ’ল। ঘেঁহুৰ ক্ষেত্ৰত এই মূল্যবৃদ্ধি হ’ল ২% অৰ্থাৎ প্ৰতি কুইন্টলত ৪০ টকা। ইয়াৰ আগতে প্ৰতি কুইন্টল ঘেঁহু ১৯৭৫ টকাত বিক্ৰী হোৱাৰ পৰিবৰ্তে এতিয়াৰ পৰা বিক্ৰী হ’ব ২০১৫ টকাত। প্ৰাপ্ত তথ্য মতে ঘেঁহুৰ উৎপাদনত প্ৰতি কিলোত মুঠ ব্যয় হয় ১০০০ টকা। এইবাবেই বৃদ্ধি কৰা হ’ল নূন্যতম সহায়ক মূল্য।
উল্লেখযোগ্য যে কেন্দ্ৰই ঘেঁহুৰ উপৰিও মচুৰ দাইল, সৰিয়হ, বাৰ্লি , বুট ,সূৰ্যমুখী আদিৰো নূন্যতম সহায়ক মূল্য বৃদ্ধি কৰিছে । বুটৰ ক্ষেত্ৰত নূন্যতম সহায়ক মূল্য বৃদ্ধি হৈছে ১৩০ টকা। এই দৰ হিচাপত প্ৰতি কুইন্টল বুটৰ নতুন দাম ৫২৩০ টকা। সূৰ্যমুখী দানাৰ নূন্যতম সহায়ক মূল্য বাঢ়িছে ১১৪ টকালৈ । আনহাতে মচুৰ দাইল আৰু সৰিয়হৰ মূল্য বাঢ়িছে ৪০০ টকা পৰ্যন্ত। এই দৰ হিচাপত মচুৰ দাইল প্ৰতি কুইন্টল ৫৫০০ টকা আৰু সৰিয়হ ৫০৫০ টকা ধাৰ্য হৈছে।
আনহাতে বাৰ্লিৰ ক্ষেত্ৰত নূন্যতম সহায়ক মূল্য বৃদ্ধি হৈছে ৩৫ টকালৈ। ইয়াৰ আগতে প্ৰতি কুইন্টল বাৰ্লি ১৬০০ টকাত বিক্ৰী হোৱাৰ পৰিৱৰ্তে এতিয়াৰ পৰা বিক্ৰী হ’ব ১৬৩৫ টকাত।