ৰাজ্যৰ বর্ষীয়ান ৰাজনীতিবিদ তথা প্ৰাক্তন মন্ত্ৰী ৰমণী বৰ্মন আৰু নাই. ৷দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা ৰমণী বর্মনে আজি শেষ নিশ্বাস ত্যাগ কৰে ৷ ১৯৭৮ চনত জনতা পার্টী চৰকাৰৰ মন্ত্ৰী আছিল ৰমনী বর্মন। ১৯৭৮ চনৰ জনতা পাৰ্টীৰ গোলাপ বৰবৰা নেতৃত্বাধীন অসম চৰকাৰৰ শিক্ষা আৰু গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী আছিল অধ্যাপক ৰমণী বৰ্মন।
অসমৰ ৰাজনৈতিক ক্ষেত্ৰত তেওঁৰ আছিল সুকীয়া পৰিচয় ৷ বিশেষকৈ তেওঁৰ সততা আৰু সংগ্ৰামৰ ৰাজনীতিয়ে প্ৰতি গৰাকী লোকক স্পর্শ কৰিছিল ৷ উল্লেখ্য যে শেহতীয়াকৈ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ স্থানান্তৰৰ বিৰুদ্ধে প্ৰতিবাদী আন্দোলনতো অংশ লৈছিল বৰ্মনে। ‘হৃদয়ৰ সংলাপ’ নামৰ আত্মজীৱনীত বহু কথা লিপিবদ্ধ কৰা ৰমণী বৰ্মনলৈ আগবঢ়োৱা হৈছিল জীৱন শিল্পী আদ্য শৰ্মা বঁটা।তেওঁৰ মৃত্যুত বিভিন্ন দল সংগঠনে শোকপ্ৰকাশ কৰিছে ৷