ৰাজ্যবাসীৰ বাবে এক সুখবৰ ৷ অসমৰ সাঁচিপাত আৰু মুখা শিল্পক প্ৰদান কৰা হৈছে জি আই টেগ ৷ আজি এই কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ ফেচবুকত তেওঁ এই কথা সদৰী কৰি ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কৃতজ্ঞতা জ্ঞাপন কৰে ৷
তেওঁ কয়-“ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱবৈষ্ণৱ ধৰ্ম তথা গুৰুজনাৰ সৃষ্টিৰাজিৰ এক অপূৰ্ব নিদৰ্শন হ’ল মুখা শিল্প। পোন্ধৰ শতিকাত এই মুখাই বিশেষভাৱে ভাওনাৰ অভিনয়ত স্থান পাইছিল৷ অসমৰ পৰম্পৰাগত লোক কলা মুখা শিল্পই সমৃদ্ধ কৰিছে মাজুলীক৷ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মাজুলীৰ মুখা শিল্প আৰু সাঁচিপাতৰ চিত্ৰক জি আই টেগ প্ৰদান কৰাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷ ইয়াৰ দ্বাৰা গুৰুজনাৰ অনবদ্য অৱদান তথা আমাৰ শিল্পীসকলৰ চহকী কৌশলৰ লগতে দক্ষতা বিশ্ববাসীৰ ওচৰত অধিক জিলিকি উঠিব আৰু ইয়াৰ সুৰক্ষাৰ দিশতো সহায়ক হ’ব৷”