পশ্চিম বংগই পুনৰবাৰ দেশৰ মেট্ৰ’ৰ ইতিহাসত এক নতুন নজিৰ গঢ়ি তুলিলে। পশ্চিমবংগত আৰম্ভ হ’ল দেশৰ প্ৰথমটো পানীৰ তলেৰে চলা মেট্ৰ’ৰে’ল সেৱা ৷ গংগাৰ তলীৰে নির্মাণ কৰা হৈছে এই মেট্ৰ’ ৰে’লপথ ৷ ১৯৮৪ চনৰ ২৪ অক্টোবৰত এই চহৰত প্ৰথম মেট্ৰ’ সেৱা আৰম্ভ হয়। চল্লিশ বছৰৰ পাছত কলকাতা চহৰৰ বুকুত সংযোজন হ’ল নতুন সেৱা ৷
সেউজ পতাকা দেখুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গংগাৰ তলৰ মেট্ৰ’ আজি উদ্বোধন কৰে৷ ৷প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এস্প্লেনেড মেট্ৰ’ ষ্টেচনৰ পৰা নামনি গংগা মেট্ৰ’ উদ্বোধন কৰে। কলকাতাত আৰু দুটা মেট্ৰ’ প্ৰকল্পও উদ্বোধন কৰে। নতুন গৰিয়াৰ পৰা ৰুবীলৈ আৰু জোকা-তৰতলা মেট্ৰ’ৰ পৰা মাজেৰহাটলৈ সম্প্ৰসাৰণৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ উপৰিও তেওঁ পুনে, কোচি আৰু আগ্ৰা মেট্ৰ’ প্ৰকল্প আৰু নমো ইণ্ডিয়াৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ কৰে।
এই অনুষ্ঠানত ৰাজ্যপাল চি ভি আনন্দ বসু, বিৰোধী দলপতি শুভেন্দু অধিকাৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰ উপস্থিত থাকে। এস্প্লেনেড মেট্ৰ’ ষ্টেচনৰ পৰা কেইবাটাও মেট্ৰ’ প্ৰকল্প উদ্বোধন কৰাৰ পিছত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে মেট্ৰ’ ভ্ৰমণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । স্কুলীয়া ল’ৰা-ছোৱালীৰ সৈতে তেওঁ মত বিনিময় কৰে । মেট্ৰ’ৰ বিষয়াসকলৰ সৈতেও তেওঁ কথা-বতৰা পাতে ৷