য়েমেনৰ এটি ৮ বছৰীয়া শিশুৰ পেপিলাৰী থাইৰয়ড কেন্সাৰৰ ভাৰতত সফল অস্ত্ৰোপচাৰ সম্পন্ন কৰা হয় । যশলোক হাস্পতাল এণ্ড ৰিচাৰ্চ চেণ্টাৰে যোৱা ৫ মাৰ্চত এক বিবৃতি প্ৰকাশ কৰি কয় , “থাইৰয়ড কেন্সাৰ সাধাৰণতে ৩০ৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰত ধৰা পৰে, আৰু শিশুৰ ক্ষেত্ৰত এই ৰোগৰ প্ৰাদুৰ্ভাৱ তুলনামূলকভাৱে বিৰল। ইয়াৰ পূৰ্বে ভাৰতত মাত্ৰ এটা শিশুৰ থাইৰয়ড কেন্সাৰৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। য়েমেনৰ শিশুটিৰ অপাৰেচন সফল হৈছে ৷”
য়েমেনৰ বাসিন্দা ল’ৰাটোৰ নাম হৈছে মাজেন । জানুৱাৰী মাহত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। তিনিমাহ আগতে মাজেনৰ ডিঙিৰ বাওঁফালৰ সন্মুখভাগত ৪ চে:মি: দীঘল আৰু ৪ ছে:মি: বহল এটা টেমুনা লক্ষ্য কৰিছিল মাজেনৰ পিতৃ-মাতৃয়ে। য়েমেনৰ চিকিৎসকে প্ৰথমে ইয়াক সাধাৰণ লিম্ফেটিক ফুলা বুলি সন্দেহ কৰিছিল। কিন্তু পিছত বিভিন্ন পৰীক্ষাৰ অন্তত গম পোৱা যায় যে মাজেন থাইৰয়ড কেন্সাৰত আক্ৰান্ত।
যশলোক হাস্পতালৰ চিকিৎসকে জনোৱা মতে,শিশুটিৰ শৰীৰত কোনো লক্ষণ দেখা পোৱা নাছিল, কোনো বিষ অনুভৱ কৰা নাছিল। শিশুৰ পেপিলাৰী কাৰ্চিনোমা অতি বিৰল ৷ ১ লাখ শিশুৰ ০.৫৪ শতাংশ শিশুৰ এই ৰোগ হয়। মাজেনৰ পিতৃ ছামাদ জাইদে কয়, “অস্ত্ৰোপচাৰৰ তিনিদিন পিছত শিশুটিক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছিল। মাজেন এতিয়া ভালেই আছে। আশাকৰোঁ অতি সোনকালে তেওঁ স্বাভাৱিক জীৱনৰ ছন্দলৈ ঘূৰি আহিব পাৰিব।“