পানীক নিৰ্দিষ্ট উষ্ণতাত শীতল কৰি বৰফ কৰাটো অতি কঠিন। সেয়েহে ডাঙৰ ডাঙৰ হোটেল, ৰেষ্টুৰেণ্ট, লেবৰেটৰীত বিকল্প হিচাপে ‘ড্ৰাই আইচ’ ব্যৱহাৰ কৰা হয়। এই শুকান বৰফৰ মূল উপাদান হৈছে কাৰ্বন ডাই অক্সাইড। গতিকে ইয়াৰ ব্যৱহাৰ অতি সীমিত। শেহতীয়াকৈ গুৰুগ্ৰামৰ এখন ৰেষ্টুৰেণ্টত খাদ্য গ্ৰহণ কৰাৰ পিছত পাঁচজন লোকে যোগান ধৰা মাউথ ফ্ৰেছনাৰেৰে মুখ ধুই হঠাতে তেজ বমি কৰিবলৈ আৰম্ভ কৰে। তদন্তৰ অন্তত দেখা গ’ল যে মাউথ ফ্ৰেছনাৰত ‘ড্ৰাই আইচ’ ঠাণ্ডা ৰাখিবলৈ ব্যৱহাৰ কৰা হৈছিল। এই ‘ড্ৰাই আইচ’ কিবাকৈ পেটলৈ যোৱাৰ বাবেই তেওঁলোক সেই সমস্যাত আক্ৰান্ত হৈছিল ৷ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড কৰ্তৃপক্ষ (FSSAI) আৰু চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (CDC)ৰো ‘ড্ৰাই আইচ’ ব্যৱহাৰৰ ক্ষেত্ৰত বিভিন্ন নিৰ্দেশনা আছে।
‘ড্ৰাই আইচ’ কি?
‘ড্ৰাই আইচ’ আচলতে ফ্ৰ’জেন কাৰ্বন ডাই অক্সাইড। ইয়াৰ উষ্ণতা -৭৮.৫ ডিগ্ৰী চেলছিয়াছ। প্ৰত্যক্ষভাৱে ঘনীভূত হোৱা কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰা। পাতল কৰাৰ প্ৰয়োজন নাই। য’ত বৰফৰ ব্যৱহাৰ সম্ভৱ নহয়, তেনে ঠাইত এই শুকান বৰফ জমা বা শীতল কৰাৰ কামত ব্যৱহাৰ কৰা হয়। এই বৰফৰ ব্যৱহাৰ চিকিৎসা, খাদ্য সংৰক্ষণ, গৱেষণা আদি ক্ষেত্ৰত দেখা যায়।
‘ড্ৰাই আইচ’ পেটলৈ গ’লে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে?
চিকিৎসকে কয় যে শেহতীয়াকৈ ডাঙৰ ডাঙৰ ৰেষ্টুৰেণ্ট বা বাৰত এই ধৰণৰ বৰফৰ ব্যৱহাৰ বৃদ্ধি পাইছে। কিন্তু এই ধৰণৰ বৰফ ইচ্ছাকৃতভাৱে ব্যৱহাৰ কৰিব নোৱাৰি। ‘ড্ৰাই আইচ’ত থকা কাৰ্বন ডাই অক্সাইড হাওঁফাওঁত প্ৰৱেশ কৰিলে শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ সৃষ্টি কৰিব পাৰে। ছালৰ ক্ষতিও অস্বাভাৱিক নহয়। দীৰ্ঘদিন ধৰি ছালৰ সংস্পৰ্শলৈ আহিলে ছালৰ ক্ষতি হোৱাটো অনিবাৰ্য। এই বৰফ শৰীৰত প্ৰৱেশ কৰাৰ লগে লগে খাদ্যনলী আৰু পেটৰ কোষবোৰ জমা হৈ পৰে। ফলত শাৰীৰিক জটিলতা আহিব পাৰে। ‘ড্ৰাই আইচ’ ধৰিবলৈ গ্লভছ ব্যৱহাৰ কৰিব লাগে।