আজি বিয়লি অসমত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ কাইলৈ পুৱা তেওঁ পৰিদর্শন কৰিব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷ কাজিৰঙাত ভ্ৰমণ কৰা মোদী হ’ব দেশৰ দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী ৷স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিছিল ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলত জীপ ছাফাৰী- হাতী ছাফাৰীৰে উপভোগ কৰিব উদ্যানখনৰ মনোৰম সৌন্দৰ্য্য ৷ কাজিৰঙাত ৷ তথ্য অনুসৰি ১৯৫৭ চনত স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে কাজিৰঙা দৰ্শন কৰিছিল ৷
সুদীৰ্ঘ বিৰতিৰ অন্তত কাজিৰঙাৰ ভূমিত উপস্থিত হ’বলগীয়া প্ৰধানমন্ত্ৰী গৰাকীক আদৰিবলৈ সাজু হৈ উঠিছে কাজিৰঙাবাসীৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়া কৰ্মচাৰীসকল ৷ কাজিৰঙা দর্শনৰ উপৰি তেওঁ যোৰহাটৰ এক কার্যসূচীত লাচিতৰ প্ৰতিমূর্ত্তিৰ লগতে ১৮ হেজাৰ কোটি টকাৰ আঁচনি মুকলি কৰিব ৷