চাইবাৰ আক্ৰমণৰ বলি হৈছে ভাৰতৰ প্ৰথমটো বৈদিক ঘড়ী ৷ খবৰ অনুসৰি মধ্যপ্ৰদেশৰ উজ্জয়িনত স্থাপন কৰা ‘বিক্ৰমাদিত্য’ নামৰ ঘড়ীটোৱে চাইবাৰ আক্ৰমণৰ বাবে ভুল সময় দেখুৱাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১০ দিন পূৰ্বে এই ঘড়ী উদ্বোধন কৰিছিল।
‘বিক্ৰমাদিত্য’ বৈদিক ঘড়ী পাঞ্জিকা অনুযায়ী তৈয়াৰ কৰা হৈছে। উজ্জয়িনৰ জীৱাজীৰাও মানৱ নিৰীক্ষণ কেন্দ্ৰৰ সমীপত ৮৫ ফুট উচ্চতাৰ এটা মিনাৰত ঘড়ীটো স্থাপন কৰা হৈছে । এই ঘড়ীটো উজ্জয়িনৰ ‘মহাৰাজা বিক্ৰমাদিত্য গৱেষণা প্ৰতিষ্ঠান’ৰ তত্বাৱধানত আছে। ইয়াৰ পৰিচালক শ্ৰীৰাম তিৱাৰীয়ে কয় যে বৃহস্পতিবাৰে নিশা ঘড়ীটোৰ এপটোৰ ওপৰত চাইবাৰ আক্ৰমণ কৰা হৈছিল। তেওঁ কয়- “চাইবাৰ আক্ৰমণৰ পিছৰে পৰা ঘড়ীটোৰ গতি লেহেমীয়া হৈছে। ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ পৰ্টেলত দাখিল কৰা হৈছে এজাহাৰ। সমগ্ৰ বিষয়টোৰ তদন্ত চলি আছে।” ‘বৈদিক ঘড়ী’ৰ এপটোৰ ওপৰত চাইবাৰ আক্ৰমণৰ বাবে মানুহে এপটো ব্যৱহাৰ কৰিব নোৱাৰাৰ অভিযোগো উত্থাপন হৈছে।
‘বিক্ৰমাদিত্য’ ঘড়ীটো ভাৰতীয় কোম্পানী এটাই নিৰ্মাণ কৰিছে। ২৯ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেল মিডিয়াৰ জৰিয়তে এই ঘড়ীটো উদ্বোধন কৰে। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱে ২০২২ চনত ৰাজ্যৰ শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত ঘড়ীৰ আধাৰশিলা স্থাপন কৰিছিল।
‘বিক্ৰমাদিত্য’ বৈদিক ঘড়ীত এটা সূৰ্য্য উদয়ৰ পৰা পৰৱৰ্তী সূৰ্য্য উদয়ৰ মাজৰ ৩০ ঘন্টা দেখুৱাই আহিছে। সেই ঘড়ীটোত ৬০ মিনিটৰ পৰিৱৰ্তে ৪৮ মিনিটত এঘণ্টা গণনা কৰা হয়। ঘড়ীৰ অন্যতম প্ৰযুক্তিবিদ সুনীল গুপ্তাৰ মতে, প্ৰাচীন কালত সময়ৰ হিচাপ কৰা পদ্ধতিৰ ওপৰত ভিত্তি কৰি ঘড়ীটো নিৰ্মাণ কৰা হয়। মোবাইল এপৰ পৰাও ঘড়ীটো চলাব পাৰিব। সময়ৰ লগতে বিভিন্ন কেলেণ্ডাৰ তথ্যও ডিজিটেল ঘড়ীত দেখা যায়।