বহুতে ঘৰখন ফুলেৰে সজাই ভাল পায়? ড্ৰয়িং ৰূমত ফুলৰ গোন্ধে ইয়াৰ পৰিৱেশ অধিক মনোমোহা হৈ পৰে ! প্ৰাচীন কালত ঘৰ সজাবলৈ ব্যৱহাৰ কৰা এবিধ সামগ্ৰী আছিল সতেজ বাৰীৰ ফুল। আজিও হোম ফাৰ্নিচিং ফেশ্বনও ইয়াৰ ব্যতিক্ৰম নহয়। ঘৰৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ উপৰিও ফুল মনৰ বাবেও উপকাৰী। বজাৰৰ পৰা সতেজ ফুল কিনি অনাৰ দুদিনমানৰ ভিতৰতে ফুলবোৰ শুকাই যায় নেকি ? ফুলবোৰ কেনেকৈ বহুদিন সতেজ কৰি ৰাখিব?
১) ফুলদানি পৰিষ্কাৰ কৰি ৰাখিব লাগে। ফুলদানিৰ ভিতৰত চাবোন থাকিলে ফুলবোৰ সোনকালে নষ্ট হৈ যাব।
২)ফুলৰ ঠাৰিটো বেছি চুটিকৈ কাটিব নালাগে। ঠাৰি কাটিলে ৪৫ ডিগ্ৰী কোণত কাটিব লাগে। বহুদিন সতেজ হৈ থাকিব।
৩) পানীত ডুবাই ৰখা ঠাৰিৰ অংশত যাতে পাত নাথাকে তাৰ প্ৰতি নজৰ ৰাখক ৷ পাত থাকিলে সোনকালে পচি যোৱাৰ সম্ভাৱনা থাকে ৷
৪) দুচামুচ আপেল চাইডাৰ ভিনেগাৰ, দুচামুচ চেনি আৰু আধা চামুচ ব্লিচ মিহলাই এটা ফুলদানিত ঢালি দিব। এই মিশ্ৰণেৰে ফুলবোৰ বেছি দিন সতেজ হৈ থাকিব।
৫) ফুলদানিত থকা পানী সলনি কৰাৰ অভ্যাস নাই নেকি? কিন্তু ইয়াৰ বাবেও ফুলটো মৰহি যাব পাৰে। দুদিনৰ মূৰে মূৰে ফুলদানিৰ পানী সলনি কৰিব লাগে।