অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ আন এক দুঃখবৰ ৷ অসমীয়া সংগীত জগত উকা কৰি ইহসংসাৰৰ পৰা মেলানি মাগিলে বিশিষ্ট সংগীত পৰিচালক নন্দ বেনাৰ্জীয়ে। দেওবাৰে নিশা পৰলোকপ্ৰাপ্তি ঘটে শিল্পীগৰাকীৰ।
বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল শিল্পী নন্দ বেনাৰ্জী। দেওবাৰে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে। তেওঁক গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত নিশাই ভর্ত্তি কৰোৱা হয় যদিও তেওঁৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটে ৷ অসমৰ সংগীত জগতলৈ অনন্য অৱদান আছিল বেনাৰ্জীৰ। নন্দ বেনাৰ্জীৰ মৃত্যু অসমীয়া সংগীত ক্ষেত্ৰৰ বাবে অপূৰণীয় ক্ষতি।
বহু চিনেমাৰ সমান্তৰালকৈ থিয়েটাৰতো তেওঁ সংগীত পৰিচালনা কৰিছিল। তেওঁ সংগীত পৰিচালনা কৰা অন্তিমখন ছবি আছিল জনকন্দিনী। ১৯৫৫ চনত নগাঁৱত জন্মগ্ৰহণ কৰিছিল নন্দ বেনাৰ্জীয়ে।