অনলাইন ফুড ডেলিভাৰী এপ জমাট’ৰ মহিলা কর্মচাৰীসকলে এতিয়াৰে পৰা টি-ছার্টৰ সলনি কূর্টি পৰিধান কৰিব পাৰিব ৷ শেহতীয়াকৈ প্ৰতিষ্ঠানটোৱে এই কথা ঘোষণা কৰিছে ৷ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে মহিলা কর্মচাৰীৰ বাবে জমাট’ৰ এই ঘোষণাই সকলোৰে মন জয় কৰিছে।
শেহতীয়াকৈ জমাট’ৱে তেওঁলোকৰ ছ’চিয়েল মিডিয়া পেজত এটা পোষ্ট শ্বেয়াৰ কৰিছিল, য’ত লিখা আছিল, “এতিয়াৰ পৰা আমাৰ মহিলা কৰ্মচাৰীয়ে ইচ্ছা কৰিলে কৰ্মৰ সময়ত কূৰ্টী পিন্ধিব পাৰিব।মহিলাৰ আৰামৰ কথা মনত ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।“ কোম্পানীটোৱে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত জমাট’ৰ মহিলা কৰ্মচাৰীসকলক নাৰী দিৱসৰ দিনা ৰঙা কুৰ্তি উপহাৰ দিয়া হয়।
এই পদক্ষেপ ঘোষণাৰ পাছতে খাদ্য ডেলিভাৰী এপ কোম্পানীটোৰ বহুতে শলাগ লৈছে। কেৱল সাধাৰণ মানুহেই নহয় আজিঅ’,মামাআর্থ, ডব্লিউ আদি কোম্পানীয়েও জমাট’ৰ এই পদক্ষেপৰ শলাগ লৈছে।