বহু লোকৰ চুলি কম বয়সৰ পৰাই পকিবলৈ আৰম্ভ কৰে। ৰাসায়নিক ৰং চুলিৰ বাবে বেয়া। যাৰ বাবে কৃত্ৰিম ৰঙৰ ওপৰত নিৰ্ভৰশীলতা বৃদ্ধি কৰিব নিবিচাৰে বহুলোকে । কিন্তু ক’লা চুলিৰ ভাঁজবোৰত ৰূপালী ৰেখাডাল দেখা নাযায়, তাৰ বাবে পকা চুলি বহুতে উভালি পেলায় ৷ কিন্তু এই কাম কৰিবলৈ গৈ কিছু লোক শংকাত ভোগে ৷ বহুতে শুনিছে যে পকা চুলিখিনি ওভালি পেলালে ইয়াৰ সংখ্যা বৃদ্ধি পায় ৷কিন্তু চিকিৎসকে কয় যে পকা চুলিখিনি আঁতৰোৱাৰ পিছত নতুন ক’লা চুলি গজিব বুলি কোনো প্ৰমাণ পোৱা নাই ৷ ইয়াৰ বাহিৰেও চুলি উভালিলে চুলিৰ গুৰিৰ ক্ষতি হয় ৷ চুলি সৰাৰ মাত্ৰা বৃদ্ধি পাব পাৰে। তাৰ পৰিৱৰ্তে স্বাভাৱিক কথাবোৰ মানি লোৱাই ভাল। অৱশ্যে কম বয়সতে চুলি কিয় পকিছে, সেই বিষয়ে পৰীক্ষা কৰিব পৰা যায় ৷
বহুতৰে পকা চুলি দেখিলে পৰা চুলি উভালি পেলোৱাৰ প্ৰৱণতা থাকে। বৰঞ্চ প্ৰথমে চুলি সৰা কাৰণবোৰ জানিবলৈ চেষ্টা কৰক। অতিৰিক্ত ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰ, কোনো গুৰুতৰ শাৰীৰিক সমস্যা থাকিলেও চুলিৰ প্ৰাকৃতিক ৰং হেৰাই যায়। তাৰ পৰিৱৰ্তে ভিটামিন, প্ৰটিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ স্বাস্থ্যকৰ খাদ্য খোৱাৰ অভ্যাস গঢ়ি তোলক। যদি আপুনি নিয়মিতভাৱে ব্যায়াম কৰিলে, ধূমপান আৰু মদ্যপান নকৰে আৰু মানসিক চাপ নিয়ন্ত্ৰণত ৰাখে তেন্তে চুলি সৰাৰ পৰিমানো ক’ম হ’ব পাৰে। নৰসিংহৰ পাত নাৰিকল তেলৰ সৈতে উতলাই নিয়মিতভাৱে প্ৰয়োগ কৰিলেও কিছু উপকাৰ পোৱা যায়। ইয়াৰ উপৰিও শৰীৰত কোনো ধৰণৰ ভিটামিন বা খনিজ পদাৰ্থৰ অভাৱ হৈছে নে নাই সেই বিষয়েও চকু ৰাখিব লাগে।