শৈশৱ কালত নিজৰ সন্তানক যিধৰণে যত্ন কৰি ৰাখে সেইদৰে বৃদ্ধ বয়সত সন্তানে তেনেধৰণৰ যত্ন লোৱাটো বিচাৰে পিতৃ-মাতৃয়ে ৷ কিন্তু শুনিবলৈ আচৰিত যেন লাগিলেও পিতৃ-মাতৃক চোৱাচিতাৰ বাবে সন্তানে লৈছে দৰমহা ৷ চীনত আৰম্ভ হৈছে এই প্ৰথা ৷ ক’ভিডৰ পাছত চীনৰ চাকৰিৰ বজাৰ ইমানেই বেয়া হৈ পৰিছে যে এই প্ৰজন্মৰ যুৱক-যুৱতীসকলে নিজৰ পিতৃ-মাতৃক চোৱা-চিতা কৰাটোৱেই কেৰিয়াৰ হিচাপে গঢ়ি তুলিছে ৷ এই বৃত্তিটো এটা ট্ৰেণ্ডত পৰিণত হৈছে।
এই পেছাত দৰমহা কিমান? চীনৰ এখন কাকতত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি যুৱক-যুৱতীসকলক এনে কামৰ বাবে প্ৰতিমাহে প্ৰায় ৮ হাজাৰ ইউয়ান (ভাৰতীয় মুদ্ৰাত প্ৰায় ৯৪ হাজাৰ টকা) দৰমহা দিয়া হৈছে। অভিভাৱকক সংগ দিয়া, তেওঁলোকৰ লগত বজাৰ কৰা, ঘৰৰ কামত সহায় কৰা, নিসংগতা দূৰ কৰা – এই সকলোবোৰ কাম যুৱক-যুৱতীয়ে ৯৪ হাজাৰ টকাত কৰি আছে।
চীনৰ ছ’চিয়েল মিডিয়াত এই নতুন বৃত্তিটোক কেন্দ্ৰ কৰি ব্যাপক চর্চা আৰম্ভ হৈছে ৷ বহুতে ইয়াক সমালোচনা কৰিছে ৷ তেওঁলোকে অনুভৱ কৰে যে ইয়াৰ বাবেই বৃদ্ধ পিতৃ-মাতৃৰ ওপৰত অতিৰিক্ত আৰ্থিক চাপৰ সৃষ্টি হৈছে। মাক-দেউতাকৰ চোৱাচিতা কৰা বহুতে আকৌ বাচন-বৰ্তন ধোৱা, ঘৰ চাফা কৰা, নিজৰ পচন্দ অনুসৰি ৰন্ধা বঢ়া কৰাতহে অধিক সময় খৰচ কৰিছে ৷