কর্মক্ষেত্ৰৰ চিন্তা –উদ্বেগে বৃদ্ধি কৰা মানসিক চাপৰ ফলত শৰীৰত “বেয়া” কলেষ্টেৰল বৃদ্ধি পায়। অৱশ্যে বেয়া কলেষ্টৰেলৰ মাত্ৰা কমাব;লৈ কেবল মানসিক চাপ নিয়ন্ত্ৰণ কৰিলেই নহয় ৷ অস্বাস্থ্যকৰ খাদ্যাভ্যাস আৰু অনিয়ন্ত্ৰিত জীৱনশৈলীও ইয়াৰ বাবে দায়ী। তেল আৰু মছলাযুক্ত খাদ্য খোৱাৰ পিছত এল ডি এল বৃদ্ধি হোৱাটো অস্বাভাৱিক নহয়। কিন্তু বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে কিছুমান অতি চিনাকি, সাধাৰণ খাদ্যই তেজত থকা এই ধৰণৰ কলেষ্টেৰল নিয়ন্ত্ৰণ কৰিব পাৰে। সেইবোৰ কি?
১) বাদাম
ৰাতিপুৱা নিয়মিতভাৱে তিয়াই থোৱা আলমণ্ড খালে হাড় মজবুত হয়। অৱশ্যে তেজৰ কলেষ্টেৰল ভাল কৰি ৰখাতো আলমণ্ডে বিশেষ ভূমিকা পালন কৰে। আলমণ্ড, পিষ্টাচিয়া, আখৰোটত বহু অসংপৃক্ত চৰ্বি, সহজে হজম হোৱা আঁহ আৰু উদ্ভিদ ভিত্তিক ষ্টেৰল থাকে। এই সকলোবোৰ উপাদানে তেজত থকা ‘বেয়া’ কলেষ্টেৰল (LDL) নিয়ন্ত্ৰণত সহায় কৰে।
২) পালেংশাক
লুটিন, সহজে হজম হোৱা আঁহ আৰু এন্টিঅক্সিডেন্টৰে সমৃদ্ধ পালেংশাকে সামগ্ৰিকভাৱে হৃদযন্ত্ৰৰ স্বাস্থ্যত সহায় কৰে। চালাড, স্মুদি, অমলেট বা যিকোনো স্বাস্থ্যকৰ খাদ্যত পালেংশাক দিব পাৰি।
৩) ডাৰ্ক চকলেট
ডাৰ্ক চকলেটত অতি প্ৰয়োজনীয় এন্টিঅক্সিডেন্ট থাকে। ই বেয়া (LDL) কলেষ্টেৰল কমোৱাৰ লগতে তেজত থকা ভাল (HDL) কলেষ্টেৰল বৃদ্ধি কৰিব পাৰে। কিন্তু উপকাৰী বুলি বহু পৰিমাণে ডাৰ্ক চকলেট খাব নালাগে ৷