চলিত বর্ষৰ গুণোংসৱৰ ফলাফল আজি ঘোষণা কৰা হৈছে ৷ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুণোৎসৱৰ ফলাফল সমূহ ঘোষণা কৰে। অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু ।
চলিত বৰ্ষৰ গুণোৎসৱত প্ৰথম স্থান লাভ কৰিছে শিৱসাগৰে ৷ আনহাতে, দ্বিতীয় স্থান ডিব্রুগড় আৰু তৃতীয় স্থান যোৰহাট জিলাই লাভ কৰিছে । এই অনুষ্ঠানতে গুণোৎসৱ ২০২৩ ত এ+(প্লাছ) লাভ কৰা ১২ হেজাৰ ৪৭ খন বিদ্যালয়ক উদগনিমূলক সাহায্য প্ৰদান কৰা হয়। একেটা অনুষ্ঠানতে শিক্ষা বিভাগৰ অধীনত ৯২ জন সহকাৰী অধ্যাপকক নিযুক্তিপত্র প্ৰদান কৰা হয়। ৩৭ গৰাকী তৃতীয় বৰ্গৰ কৰ্মচাৰীক নিযুক্তিপত্র প্ৰদান কৰে মুখ্যমন্ত্ৰী ডঃ শর্মাই ।
উল্লেখযোগ্য যে ২০২৪ চনৰ গুণোৎসৱ তিনিটা পৰ্যায়ত অনুষ্ঠিত কৰা হৈছিল।এইবাৰ গুণোৎসৱে ৰাজ্যৰ মুঠ ৩৫ খন জিলাৰ ৪৩,৪৯৮ খন চৰকাৰী প্ৰাদেশীকৃত বিদ্যালয়, চাহ বাগান আদর্শ বিদ্যালয়, আবাসিক বিদ্যালয়, আদর্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয় আৰু চাহ বাগিচা মালিকৰ দ্বাৰা পৰিচালিত বিদ্যালয় সামৰি লয়। প্রথম শ্রেণীৰ পৰা দশম শ্রেণীলৈ মুঠ ৩,৯৬,৩৫৪ গৰাকী ছাত্র-ছাত্রীয়ে অংশগ্ৰহণ কৰা এইবাৰৰ গুণোৎসৱত ১৮০৯৮ গৰাকী বহিঃমূল্যায়নকাৰী নিয়োজিত কৰা হৈছিল।