প্ৰতি বছৰে ১৫ মাৰ্চত সমগ্ৰ বিশ্বতে উদযাপন কৰা হয় “বিশ্ব গ্ৰাহক অধিকাৰ দিৱস”। উপভোক্তা বা গ্ৰাহকসকলৰ অধিকাৰৰ সমৰ্থন আৰু তেওঁলোকৰ সুৰক্ষাৰ গুৰুত্ব প্ৰচাৰৰ বাবে প্ৰতি বছৰে পালন কৰা হয় এই দিৱস।
এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে উপভোক্তা সকলক তেওঁলোকৰ অধিকাৰ ৰক্ষা কৰাৰ লগতে লুণ্ঠন আৰু অন্যায়ৰ পৰা ৰক্ষা কৰিবলৈ সজাগ কৰা ।এই দিনটোত গ্ৰাহকসকলক যুক্তিসংগত বিবেচনা, সুৰক্ষা, আৰু স্বাধীনতাৰ নিশ্চয়তা প্ৰদান কৰা হয় ।
উল্লেখনীয় যে আজিৰ দিনটোত গ্ৰাহক সুৰক্ষাৰ বিষয়ে সজাগতা বৃদ্ধি আৰু তেওঁলোকৰ অধিকাৰৰ বিষয়ে জ্ঞান প্ৰদানৰ বাবে গ্ৰাহক সংস্থা, চৰকাৰ, আৰু অন্যান্য সংস্থাসমূহে সমগ্ৰ বিশ্বতে বিভিন্ন কাৰ্যসূচী আৰু অনুষ্ঠানৰ আয়োজন কৰে।
সেয়েহে আজিৰ দিনটোত বিভিন্ন অভিযান, আলোচনা চক্ৰ, ৱেবিনাৰ, বিশেষ শিক্ষা কাৰ্যসূচী আৰু সজাগতা কাৰ্যসূচীৰ আয়োজন কৰা হয়। তদুপৰি গ্ৰাহকৰ অধিকাৰৰ বাবে তেওঁলোকক সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে যোগাযোগ কৰিবলৈ আৰু অভিযোগসমূহ সমাধান কৰিবলৈ উৎসাহিত কৰা হয়।
২০২৪ চনৰ বিশ্ব গ্ৰাহক অধিকাৰ দিৱসৰ বিষয়বস্তু হ’ল “গ্ৰাহকৰ বাবে ন্যায্য আৰু দায়িত্বশীল এআই”
প্ৰতি বছৰে এক বিশেষ বিষয়বস্তুৰ অধীনত বিশ্ব গ্ৰাহক দিৱস পালন কৰা হয়।সেয়েহে এই বছৰৰ এই দিৱস উদযাপনৰ মূল বিষয়বস্তু হৈছে “গ্ৰাহকৰ বাবে ন্যায্য আৰু দায়িত্বশীল এআই”।