পুষ্টিবিদসকলৰ মতে মিঠাইৰ পৰা মানৱ শৰীৰত বহুতো সমস্যাৰ উৎপত্তি হয়। মিঠাই খালে শৰীৰত কেলৰি বৃদ্ধি পোৱাৰ লগতে শৰ্কৰা বৃদ্ধি পায়। সেয়েহে বেছিকৈ মিঠাই খোৱাৰ ফলত বহুতো শাৰীৰিক সমস্যাৰ সৃষ্টি হয় আৰু সেয়েহে বৰ্তমান সময়ত বেছিভাগ প্ৰাপ্তবয়স্ক লোকেই যিমান পাৰি মিঠাইৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে ৷
আনহাতে বেছিভাগ গৱেষণাৰ ফলত এইকথা প্ৰকাশ পাইছে যে চেনি আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক। দীৰ্ঘদিন সুস্থ হৈ থাকিবলৈ বিচৰা লোকসকলে সদায় চেনি খোৱা বন্ধ কৰিব লাগে।
সেয়েহে তেওঁলোকে প্ৰথ অৱস্থাত চাহত চেনি খাবলৈ বাধা দিয়ে। তাৰ পিছত অন্যান্য মিঠাই ত্যাগ কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।
ৰাতি খোৱাৰ পিছত বহুতে মিঠাই খাবলৈ বিচাৰে কিন্তু এনে কৰা অনুচিত ৷ এই ক্ষেত্ৰত এজন প্ৰাপ্তবয়স্ক লোকে নিজকে সদায় বাধা দিয়া উচিত। তাৰ লগতে আন বহু নিয়মো মানি চলিব লাগে৷
অৱশ্যে শেহতীয়াকৈ এই চেনী খোৱাৰ প্ৰৱণতা হ্ৰাস কৰাক কেন্দ্ৰ কৰি পুষ্টিবিদ সকলে দিছে এক আচৰিত সমাধান ৷পুষ্টিবিদসকলে দাবী কৰিছে যে ৰঙা কাপত চাহ-কফি খালেমানুহৰ মিঠাই খোৱাৰ প্ৰৱণতা হ্ৰাস পায় ৷
পুষ্টিবিদসকলৰ মতে ৰঙা কাপত চাহ খালে চেনি বা মিঠাই খোৱাৰ প্ৰৱণতা কমি যায়।
এক সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি এগৰাকী পুষ্টিবিদ দীপশিখা জৈনে নিজৰ ইনষ্টাগ্ৰামত এটা পোষ্ট শ্বেয়াৰ কৰিছে আৰু সেই পোষ্টটোত তেওঁ কৈছে যে ৰঙা কাপত চাহ বা কফি খালে চেনি খোৱাৰ প্ৰৱণতা যাদুৰ দৰে নোহোৱা হৈ যায়।ইয়াৰ কাৰণটোও সুন্দৰকৈ বুজাই দিছে তেওঁ। তেওঁৰ মতে ৰঙা কাপত চাহ খালে চাহকাপ যেন এনেও মিঠা হয় মানুহে তেনে অনুভৱ কৰে । সঁচা অৰ্থত আমাৰ মাজত যেন এক অদ্ভুত মনোবিজ্ঞানে ক্ৰিয়া কৰে ।
আচলতে ৰঙা ৰঙৰ লগত মিঠাইৰ সম্পৰ্ক আছে। ষ্ট্ৰবেৰী ৰঙা, কুঁহিয়াৰ ৰঙা – সেইবাবেই ৰঙা মানেই যেন মিঠা।
খাদ্যৰ কিছুমান বিশেষ ৰং দেখিয়েই আমি অনুধাৱন কৰোঁ যে ইয়াৰ সোৱাদ কেনেকুৱা হ’ব। উদাহৰণস্বৰূপে, যিকোনো খাদ্য সেউজীয়া ৰঙৰ হ’লে সেয়া টেঙা বা জ্বলা হ’ব। আকৌ বগা ৰঙৰ পিঁয়াজ, নহৰু আদি প্ৰবল গোন্ধযুক্ত হ’ব ইত্যাদি ইত্যাদি৷
আপোনাৰো মিঠা বৰ প্ৰিয় নেকি? তেন্তে এতিয়াৰ পৰা আপুনিও ৰঙা কাপত চাহ খাবলৈ আৰম্ভ কৰক৷
হয়তো এই ৰঙা কাপৰ যাদুৱে ভাঙিব পাৰে আপোনাৰ মিঠাইৰ আসক্তি ৷