পুনৰবাৰ বৃদ্ধি কৰা হৈছে আধাৰ কাৰ্ড উন্নীতকৰণৰ অন্তিম তাৰিখ৷এই তাৰিখৰ পূৰ্বে এই কাম নকৰিলে আপুনি ভৰিব লাগিব পাৰে জৰিমনা ৷
পূৰ্বে বিনামূলীয়া আধাৰ কাৰ্ড আপডেটৰ অন্তিম তাৰিখ ১৪ মাৰ্চ আছিল যদিও শেহতীয়াকৈ পুনৰবাৰ বৃদ্ধি কৰা হৈছে এই তাৰিখ। এতিয়া এই সময়সীমা ৩ মাহ বৃদ্ধি কৰি ১৪ জুন ২০২৪ লৈ দিয়া হৈছে।
উল্লেখযোগ্য যে চৰকাৰৰ এই সিদ্ধান্তই বিগত ১০ বছৰে আধাৰ আপডেট নকৰা লোকসকলক সুযোগ প্ৰাদন কৰিব। এতিয়া ১৪ জুনৰ ভিতৰত বিনামূলীয়াকৈ আপডেট কৰিব পাৰিব আধাৰ কাৰ্ডৰ ঠিকনাৰ লগতে নাম, জন্ম তাৰিখ, মোবাইল নম্বৰ, ফটো আৰু বায়’মেট্ৰিক সবিশেষও আপডেট কৰিব পাৰিব।
বেছিভাগ ভাৰতীয়ই আধাৰ কাৰ্ডক আইডি প্ৰুফ ডকুমেণ্ট হিচাপে ব্যৱহাৰ কৰে। সেয়েহে আধাৰ কাৰ্ড প্ৰদানকাৰী সংস্থা ইউনিক আইডেন্টিফিকেশন অথৰিটি অৱ ইণ্ডিয়াই ৰাইজক আধাৰ কাৰ্ড আপডেট কৰিবলৈ আহ্বান জনাইছে। যিসকলে ১০ বছৰতকৈ অধিক সময় ধৰি আছে আৰু এতিয়াও কোনো আপডেট কৰা নাই তেওঁলোকৰ বাবে এইটো এক আৱশ্যকীয় কাম। ইউআইডিএআইয়ে কয় যে মানুহে পৰিচয়ৰ প্ৰমাণ (পিঅ’আই) আৰু ঠিকনাৰ প্ৰমাণ (পিঅ’এ) পৰীক্ষা কৰিব লাগিব।
এই বিনামূলীয়া আধাৰ কাৰ্ড আপডেটৰ সুবিধা উপলব্ধ হ’ব কেৱল myAadhaar পৰ্টেলত । ৫০ টকা মাচুল দি চি এছ চি কেন্দ্ৰলৈ গৈ এই কাম কৰিব পাৰিব প্ৰতিগৰাকী ভাৰতীয়ই।