১৩ মাৰ্চ তাৰিখে প্ৰজ্ঞা চামাল নামৰ এগৰাকী ২৫বছৰীয়া ভাৰতীয় যুৱতীৰ সৈতে ভাৰতৰ উচ্চতম ন্যায়ালয়ত এক অস্বাভাৱিক পৰিঘটনাৰ সাক্ষী হ’ল সমগ্ৰ ভাৰতবাসী৷
উচ্চতম ন্যায়ালয়ৰ পৰিচাৰক আৰু এজন ন্যায়াধীশৰ চৰকাৰী বাসগৃহত ৰান্ধনি হিচাপে কৰ্মৰত অজয় কুমাৰ চামালৰ কন্যা প্ৰজ্ঞা চামাল।
উল্লেখনীয় যে এইগৰাকী ২৫ বছৰীয়া যুৱতীয়ে এল এল বি প্ৰগ্ৰেমৰ বাবে পশ্চিমীয়া ছখন বিশ্ববিদ্যালয়ৰ পৰা সুযোগ লাভ কৰাৰ লগতে ইয়াৰে দুখন বিশ্ববিদ্যালয়ৰ পৰা বৃত্তি লাভ কৰাৰ খবৰে আনন্দিত কৰিছে সকলোকে। কলম্বিয়া ল স্কুল, চিকাগো ল স্কুল, নিউয়ৰ্ক বিশ্ববিদ্যালয়, ইউনিভাৰ্চিটি অৱ পেনচিলভেনিয়া কেৰী ল স্কুল, ইউনিভাৰ্চিটি অৱ কেলিফৰ্ণিয়া বাৰ্কলে স্কুল অৱ ল আৰু ইউনিভাৰ্চিটি অৱ মিচিগান ল স্কুলৰ পৰা নামভৰ্তিৰ প্ৰস্তাৱ আহিছিল প্ৰজ্ঞালৈ । ইয়াৰ উপৰিও বাৰ্কলে আৰু মিচিগানৰ আইন বিদ্যালয়ৰ পৰা তেওঁ লাভ কৰিছে বৃত্তি ।
আইন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী সম্পূৰ্ণ কৰিবলৈ এই বৃত্তি লাভ কৰাৰ বাবেই ১৩ মাৰ্চ ,বুধবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ চি জে আই চন্দ্ৰচুৰকে ধৰি অন্যান্যসকলে উচ্চতম ন্যায়ালয়ৰ গৱেষণা আৰু পৰিকল্পনা কেন্দ্ৰত গৱেষক হিচাপে কৰ্মৰত প্ৰজ্ঞা চামালক অভিনন্দন জ্ঞাপন কৰে ।
২০২১ চনত এমিটি বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰা ছামালে পিছলৈ উচ্চতম ন্যায়ালয়ৰ চেণ্টাৰ ফৰ ৰিচাৰ্চ এণ্ড প্লেনিং (চি আৰ পি)ত আইন গৱেষক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।
উচ্চতম ন্যায়ালয়ৰ পবিত্ৰ চৌহদত পিতৃয়ে কাম কৰা দেখিয়েই হয়তো স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লক্ষ্য স্থিৰ কৰি লৈছিল প্ৰজ্ঞাই ৷ উক্ত সম্বৰ্ধনা অনুষ্ঠানত এটি কৃতজ্ঞতাৰ হাঁহি মাৰি ন্যায়াধীশ চন্দ্ৰচূড়ে তেওঁক প্ৰদান কৰা উচ্চতম আদালতৰ সকলো ন্যায়াধীশৰ স্বাক্ষৰ সম্বলিত ভাৰতীয় সংবিধানৰ তিনিখনকৈ কিতাপ উপহাৰ হিচাপে গ্ৰহণ কৰিচিল তেওঁ যি তেওঁৰ বাবে আাছিল আগুৱাই যোৱাৰ ক্ষেত্ৰত মহৌষধ স্বৰূপ ।
পিটিআইৰ সৈতে হোৱা কথা-বতৰাত প্ৰজ্ঞাই কয় যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ চিজেআই চন্দ্ৰচুড় তেওঁৰ প্ৰেৰণাৰ উৎস। লগতে প্ৰজ্ঞাই কয় যে তেওঁ যুৱ অধিবক্তাসকলক সদায় উৎসাহিত কৰি আহিছে আৰু তেওঁৰ কথাবোৰ বহুমূলীয়া ৰত্নৰ দৰে। সেয়েহে সদায় তেওঁৰ প্ৰেৰণা চিজেআই চন্দ্ৰচুড়৷