গুৱাহাটীৰ এক আগশাৰীৰ প্ৰতিষ্ঠিত যোগ ইনষ্টিটিউট হিমালয়ান যোগ আৰু মেডিটেচন চেন্টাৰ (এইচ্ ৱায় এম চি)য়ে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান উদযাপন কৰে। সেই উপলক্ষে চেন্টাৰটোৱে সদৌ অসম ভিত্তিত প্ৰাইজমানী যোগাসন প্ৰতিযোগিতাৰ আয়োজন কৰে। ড০ বাণীকান্ত কাকতি অডিটৰিয়ামত আয়োজিত প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা যোগাভ্যাসকাৰী, ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক- শিক্ষয়িত্ৰী উপস্থিত থাকে।
সন্ধিয়াৰ বাৰেৰহণীয়া অনুষ্ঠানত মুখ্য অতিথিৰূপে উপষ্ঠিত থাকে বিশিষ্ট সংবাদকৰ্মী, নিউজ ১৮ নেটৱৰ্কৰ মুখ্য সম্পাদক পৰাগমনি আদিত্য। বিশিষ্ট অতিথিৰূপে উপষ্ঠিত থাকে যোগাচাৰ্য, কামাখ্যাস্থিত উমাচল যৌগিক চিকিৎসালয়ৰ প্ৰাক্তন সঞ্চালক শুভাশিষ ক’ৰ।
যোগাসন প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে এন আই এছ প্ৰশিক্ষক আৰু বিশ্ব যোগাসন প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ বিজয়ী অসীম বৰুৱা, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ যোগ আৰু প্ৰাকৃতিক চিকিৎসাৰ সহকাৰী শিক্ষক ৰবি প্ৰসাদ শৰ্মা আৰু কেন্দ্ৰীয় বিদ্যালয় মালিগাওঁৰ যোগ প্ৰশিক্ষক নমিতা বৰুৱা
সন্ধিয়াৰ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে বিশিষ্ট অতিথি শুভাষীশ ক’ৰ আৰু মুখ্য অতিথি পৰাগমনি আদিত্যই। লগতে হিমালয়ান যোগ আৰু মেডিটেচন চেন্টাৰৰ সদস্যাসকলৰ দ্বাৰা প্ৰাৰ্থনা পৰিবেশন কৰা হয়।
হিমালয়ান যোগ আৰু মেডিটেচন চেন্টাৰৰ সদস্য সকলৰ দ্বাৰা কেবাটাও যোগাসন প্ৰদৰ্শন কৰা হয়। ৫০ আৰু ৬০ ৰ উৰ্দ্ধৰ মহিলাসকলৰ দ্বাৰাও এক সুন্দৰ যোগাসন প্ৰদৰ্শিত হয়। এইচ ৱায় এম চি ৰ স্বত্বাধিকাৰী মনশ্ৰী ভূঞা প্ৰকাশৰ মতে, এই বৰ্ষীয়ান মহিলাসকলে প্ৰথমতে বিভিন্ন ৰোগ আৰু বিষৰ উপশম বিচাৰি এই চেন্টাৰলৈ আহিছিল। পিছলৈ নিয়মিত যোগাভ্যাসৰ জৰিয়তে তেওঁলোকে সকলো ৰোগৰ পৰা উপশম পোৱাৰ লগতে যোগ সাধনাত দক্ষ হৈ পৰিল।
মুখ্য অতিথি পৰাগমনি আদিত্যই অনুষ্ঠানটোৰ কাৰ্যসূচীক সফল কৰাৰ ক্ষেত্ৰত প্ৰতিগৰাকী শিক্ষক আৰু সদস্য সকলৰ চেষ্টাক শলাগ লৈছে। ইয়াৰ উপৰিও এইচ ৱাই এম চি ৰ সদস্য সকলৰ দ্বাৰা প্ৰদৰ্শিত যোগাসনত আপ্লুত হৈ তেওঁ নিয়মিত যোগ আৰু প্ৰাণায়াম অভ্যাসৰ বাবে অনুপ্ৰেৰিত হোৱা বুলিও কয়। লগতে এইচ ৱাই এম চিৰ প্ৰতিষ্ঠাপক মনশ্ৰী ভূঞা প্ৰকাশক অনুপ্ৰেৰণা হিচাপে লৈ ডেকা মহিলাসকলে চাকৰিৰ পৰিবৰ্তে ব্যৱসায়ৰ প্ৰতি আগবাঢ়ি আহিবলৈ উৎসাহিত কৰে।
বিশিষ্ট অতিথি শুভাশিষ ক’ৰে বিভিন্ন ৰোগ নিৰাময়ত থেৰাপী হিচাপে যোগৰ ভূমিকা সম্পৰ্কে কিছু কথা কয়। তেওঁ লগতে এইচ ৱাই এম চিৰ গুৱাহাটীৰ প্ৰতি ঘৰে ঘৰে যোগক পৰিচিত কৰাৰ উদ্দেশ্যে তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত যোগক প্ৰসাৰৰ চেষ্টাক প্ৰশংসা কৰে। এই অনুষ্ঠানতে সদৌ অসম ভিত্তিক প্ৰাইজমানী যোগাসন প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ বিতৰন কৰা হয়।