অসমৰ শিপিনীসকলে নিজ হাতেৰে তাঁতশালত বোৱা বস্ত্ৰই দেশ-বিদেশত লাভ কৰিছে যথেষ্ট সমাদৰ। অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰশিল্প আৰু ৰেচম, ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই শেহতীয়াকৈ কাজিৰঙাৰ ম’হপাৰা গাঁওখন হস্ততাঁত শিল্প পৰ্যটন গাঁও হিচাপে উদ্বোধন কৰে। এই সময়ছোৱাত তেওঁৰ সৈতে উপস্থিত থাকে মন্ত্ৰী অতুল বৰা ৷
উল্লেখযোগ্য যে ভাৰত চৰকাৰৰ বস্ত্ৰ মন্ত্ৰ্যালয়ে ৰাজ্য চৰকাৰৰ সহযোগিতাত এই পদক্ষেপ ৰূপায়ণ কৰিছে। এই পদক্ষেপৰ অংশ হিচাপে ম’হপাৰা আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলৰ প্ৰায় ৮০গৰাকী শিপিনীক তাঁতশাল প্ৰদান কৰাৰ লগতে প্ৰশিক্ষণ দিয়া হৈছে আৰু প্ৰয়োজন সাপেক্ষে তাঁতশাল ৰাখিবলৈ গৃহও নিৰ্মাণ কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই পদক্ষেপে মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে অঞ্চলটোৰ মহিলাসকলক স্ব-নিয়োজনৰ পথ প্ৰশস্ত কৰিবলৈ উৎসাহিত কৰিব।
পুৰণি কালৰেপৰা হস্ততাঁত শিল্পৰ সৈতে জড়িত গাঁওখনৰ শিপিনীসকলে বিভিন্ন হাতে বোৱা বস্ত্ৰৰ জৰিয়তে আৰ্থিক উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল। ভাৰত চৰকাৰৰ এই পদক্ষেপৰ জৰিয়তে শিপিনীসকলৰ উপাৰ্জন পূৰ্বতকৈ অধিক বৃদ্ধি হোৱাৰ লগতে ম’হপাৰা আৰু ইয়াৰ নিকটৱৰ্তী অঞ্চলসমূহৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি টনকিয়াল কৰাত যথেষ্ট পৰিমাণে অৰিহণা যোগাব। আজিৰ অনুষ্ঠানৰ শেষত প্ৰশিক্ষণপ্ৰাপ্ত শিপিনীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয় আৰু ‘এনআৰএল’ৰ ক’ৰ্পৰেট সামাজিক দায়বদ্ধতা পদক্ষেপৰ অধীনত গাঁওবাসীক প্ৰদান কৰা ই-ৰিক্সাও আনুষ্ঠানিকভাৱে মুকলি কৰে মন্ত্ৰী দুগৰাকীয়ে ৷
অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সচিব দিলীপ কুমাৰ বৰা, বোকাখাত উপ-জিলাৰ অতিৰিক্ত আয়ুক্তা চিমি কৰণ, ডব্লিউএছচি (পূব মণ্ডল), গুৱাহাটীৰ সঞ্চালক এছ বন্দোপাধ্যায়, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ অধীক্ষক ফকৰুদ্দিন আহমেদ, ভাৰতীয় জনতা পাৰ্টীৰ জিলা সভাপতি দেৱ প্ৰদীপ বৰা, দিগন্ত বৰা, অনিমেষ শইকীয়া, ফটিক বৰা প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল আৰু স্থানীয় ৰাইজ এই অনুষ্ঠানত উপস্থিত থাকে।