মাছ-মাংসৰ তৰকাৰী থাকিলেও নিশা বা দুপৰীয়াৰ আহাৰৰ সৈতে দাইল খোৱাটো বহু পৰিয়ালৰ নিয়ম ৷ দাইলৰ দৰে স্বাস্থ্যকৰ খাদ্য খুব কম। দাইলত মেগনেছিয়াম, ফাইবাৰ, প্ৰটিন, কেলচিয়াম, ভিটামিন বি, ফলেট থাকে। কম সময়ত প্ৰস্তুত কৰিব পৰা স্বাস্থ্যসন্মত খাদ্যৰ তালিকাৰ শীৰ্ষত আছে দাইল।
গৰমৰ দিনত পাতল দাইলৰ সৈতে নেমু চেপি ভাত খাবলৈ বহুতে পছন্দ কৰে। অৱশ্যে দাইল প্ৰস্তুত কৰাৰ পদ্ধতি সকলোৰে একে নহয়। গুজৰাটত দাইলত অধিক চেনি যোগ কৰা হয়। অন্ধ্ৰ প্ৰদেশত দাইলৰ বিশেষত্ব হ’ল ইয়াক বহুত মছলাৰে তৈয়াৰ কৰা হয়। কিন্তু বহুতে দাইল প্ৰস্তুত কৰাৰ সময়ত ঠাণ্ডা পানী যোগ কৰে।এই প্ৰথাই কেৱল দাইলৰ সোৱাদ নষ্ট কৰাই নহয়, শৰীৰেও উপযুক্ত পুষ্টি নাপায়। পুষ্টিবিদসকলে দাইল ৰান্ধি থাকোঁতে ঠাণ্ডা পানী দিবলৈ মানা কৰে । কিন্তু কিয়?
দাইলত কেলৰি অত্যন্ত কম। দাইলত খনিজ পদাৰ্থ, পটাছিয়াম, এন্টিঅক্সিডেন্ট আদি উপাদান থাকে। দাইল নিয়ম অনুসৰি ৰান্ধিব লাগে যাতে শৰীৰে সকলো পুষ্টিকৰ উপাদান পৰ্যাপ্ত পৰিমাণে লাভ কৰে । দাইল ভালদৰে ৰান্ধিলে সোৱাদ অক্ষত থাকে, শৰীৰতো পুষ্টিকৰ উপাদান পোৱা যায়। কিন্তু দাইলত যদি ঠাণ্ডা পানী দিয়া হয়, তেন্তে ৰান্ধিবলৈ বহু সময় লাগে। ঠাণ্ডা পানী দিলে দাইলৰ পুষ্টিকৰ উপাদান ধৰি ৰাখিব নোৱাৰে। গতিকে দাইলত সদায় গৰম পানী দিব লাগে। ই ৰুচি আৰু স্বাস্থ্য দুয়োটা বজাই ৰাখে।