স্বাস্থ্য ভালে ৰাখিবলৈ খোৱা খাদ্য হজম হোৱাটো নিতান্তই প্ৰয়োজনীয়। বদহজমে স্বাস্থ্যৰ লগতে মগজুৰ স্বাস্থ্য আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ওপৰত গভীৰ প্ৰভাৱ পেলায়। পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিলেও ভালকৈ হজম নহ’লে শৰীৰে সেই পুষ্টিকৰ উপাদানবোৰ গ্ৰহণ কৰিব নোৱাৰে।ফলত বিভিন্ন ৰোগৰ আশংকা বাঢ়ি যায়।
খাদ্য ভালকৈ হজম হোৱাৰ বাবে কিছুমান ঘৰুৱা উপায় আছে-
- খাদ্য গ্ৰহণৰ পিছত কেতিয়াও ব্যায়াম কৰা উচিত নহয়। খাদ্য গ্ৰহণৰ পিছত ব্যায়াম কৰিলে পাচন তন্ত্ৰলৈ তেজ অহা প্ৰক্ৰিয়াটোত বাধা আহি পৰে যাৰ ফলত খাদ্য ভালকৈ হজম নহয়।
- আহাৰ সদায় লাহে লাহে আৰু ভালকৈ চোবাই খাব লাগে। খোৱাৰ সময়ত অন্য কামত ধ্যান দিব নালাগে। এবাৰত কম পৰিমাণৰ খাদ্য মুখত লৈ লাহে লাহে চোবাই খালেহে সোনকালে হজম হয়।
- আহাৰ গ্ৰহণৰ সময়ত বা তাৰ ঠিক পিছতেই বেছি পৰিমাণৰ পানী খাব নালাগে। কাৰণ পানীয়ে পাচন ৰসসমুহ তৰল কৰি পেলায়, যাৰ বাবে হজমত ব্যাঘাত জন্মে।
- আহাৰ গ্ৰহণৰ পিছত কেতিয়াও কফী খোৱা উচিত নহয়। কফীৰ পৰা কিছুসংখ্যক লোকৰ বুকু জ্বলা-পুৰা হ’ব পাৰে। কিন্তু কফীৰ সলনি গ্ৰীন টী খাব পৰা যায়।
- খাদ্য গ্ৰহণৰ পিছত সদায় অলপ খোজকাঢ়িব লাগে। লাহে লাহে ১০ ৰ পৰা ১৫ মিনিট খোজকাঢ়িলে খাদ্য ভালকৈ হজম হোৱাত সহায়ক হয়।আনহাতে বয়োজ্যেষ্ঠ ব্যক্তিয়ে আহাৰৰ পিছত ১৫ মিনিটকৈ দিনে দুবাৰ লাহে লাহে খোজকাঢ়িলে ৰক্তত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায়ক হয়।
- আহাৰ গ্ৰহণ কৰি উঠিয়েই বিচনাত পৰি দিয়া বা আৰাম কৰা উচিত নহয়। আহাৰ গ্ৰহণ কৰাৰ কমেও দুঘন্টা পিছতহে শুব লাগে।আনহাতে বাওঁফালে কাটি হৈ শুলে খাদ্য ভালকৈ হজম হয়।
- আহাৰ গ্ৰহণৰ ঠিক পিছতেই কেতিয়াও গৰম পানীৰে গা ধুব নালাগে। শৰীৰৰ তাপমান নিয়ন্ত্ৰণ কৰিবৰ বাবে হজমৰ কাৰণে প্ৰয়োজন হোৱা ৰক্ত পাচন যন্ত্ৰৰ পৰা শৰীৰৰ ছাললৈ যাব লগা হয়। ফলত হজম শক্তি হ্ৰাস পায়।