গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ উদ্যোগত দুদিনীয়া কাৰ্যসূচীৰে অহা ২১ আৰু ২২ মাৰ্চত ফণীধৰ দত্ত আলোচনা গৃহত এক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। ইণ্ডিয়ান কাউন্সিল অফ ফিলচফিকেল ৰিচাৰ্চ ৰ পৃষ্ঠপোষকতাত আয়োজিত এই অনুষ্ঠানৰ বিষয় হৈছে -“Philosophical Methodology From Indian and Western Perspectives ” ৷
বিশ্ববিদ্যালয় সংগীতেৰে আৰম্ভ হ’বলগীয়া অনুষ্ঠানটো উদ্বোধন কৰিব গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য, অধ্যাপক প্ৰতাপ জ্যোতি সন্দিকৈয়ে । অনুষ্ঠানত অধ্যাপক ড. সচ্চিদানন্দ মিশ্ৰ ( মেম্বাৰ চেক্ৰেটেৰী ,আই চি পি আৰ, নতুন দিল্লী ) , অধ্যাপক লক্ষ্মীকান্ত পাধি ( দৰ্শন বিভাগ , ইউনিভাৰ্ছিটি অফ নৰ্থ বেংগল) , অধ্যাপক আৰ এম সিং ( ইউনিভাৰ্ছিটি অফ দিল্লী ), ছিবি কে জৰ্জ ( ডিপাৰ্টমেণ্ট অফ হিউমেনেটিজ এণ্ড চচিয়েল চায়েঞ্চেছ , আই আই টি ,বোম্বে ) কে ধৰি দেশৰ বিভিন্ন পৰ্যায়ৰ বহুতো বিশেষজ্ঞ তথা শিক্ষাবিদ বক্তা হিচাপে উপস্থিত থাকিব ।
বিভাগৰ মূৰব্বী অধ্যাপিকা আকৌজাম থৈবিছানাই জনোৱা অনুসৰি উক্ত অনুষ্ঠানৰ বাবে বিভাগে বৰ্তমানলৈ ধনাত্মক সহাঁৰি লাভ কৰিছে আৰু সকলোৰে সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।