অচিনাকি নম্বৰৰ পৰা ফোন আহিলে বহুতে প্ৰথমতে ফোন গ্ৰহণ নকৰে । কিন্তু কোনে ফোন কৰিলে জানিবলৈ ‘ট্ৰু কলাৰ এপ ব্যৱহাৰ কৰা হয় । বেছিভাগ ফোনতে এতিয়া এই এপটো আছে। অজ্ঞাত নম্বৰৰ পৰা ফোন আহিলে ট্ৰু কলাৰত ব্যক্তিজনৰ নাম ওলায়। ইয়াৰ ফলত কোনটো ফোন ল’ব আৰু কোনটো ল’ব সেইটো নিৰ্ণয় কৰাটো সহজ হৈ পৰে। যদি আপুনি সেইটো নিবিচাৰে তেন্তে এটাই সমাধান। ট্ৰু কলাৰৰ পৰা আপোনাৰ নামটো দ্ৰুতভাৱে আঁতৰাই পেলাওক। সেয়া সম্ভৱনে?
আপুনি ইচ্ছা কৰিলে ট্ৰু কলাৰৰ পৰা আপোনাৰ নাম আঁতৰাব পাৰে। যদি আপুনি ট্ৰু কলাৰৰ পৰা আপোনাৰ নাম আঁতৰাই পেলায়, তেন্তে আপুনি আন কাৰোবাক ফোন কৰিলে আপোনাৰ পৰিচয় প্ৰকাশ নহ’ব। নিজৰ নামটো কেনেকৈ আঁতৰাব?
১) প্ৰথমে এণ্ড্ৰইড ফোনত ট্ৰু কলাৰ এপ ইনষ্টল কৰক। আপোনাৰ ফোন নম্বৰ ব্যৱহাৰ কৰি লগ ইন কৰক।
২) এতিয়া আপুনি ট্ৰু কলাৰ এপৰ ছেটিংচত ত প্ৰাইভেচী চেন্টাৰ বিকল্পটো দেখা পাব। ইয়াত ডি-এক্টিভেট (‘Deactivate’ )বিকল্প আছে। ইয়াক নিৰ্বাচন কৰক। ইয়াৰ লগে লগে আপোনাৰ নাম আৰু ট্ৰু কলাৰ এপত দেখা নাযায়।
ইয়াৰ পিছত অৱশ্যে আপোনাৰ নাম ট্ৰু কলাৰ ডাটাবেছত থাকিব পাৰে। তেনে ক্ষেত্ৰত আপুনি ট্ৰু কলাৰ ৱেবছাইটত গৈ আই এছ ডি (ISD) ক’ডৰ সৈতে মোবাইল নম্বৰটো দিব লাগিব। ইয়াৰ পিছত ডি-এক্টিভেট( ‘Deactivate’) বিকল্পত গৈ নিৰ্বাচন কৰিলেহে নামটো ডিলিট হ’ব লাগে। কিন্তু যদি তাৰ পিছত আপোনাৰ নামটো ট্ৰু কলাৰত দেখা যায়, তেন্তে সেয়া কেচ মেমৰিৰ বাবে। কেইদিনমানৰ পিছত আপুনি ইয়াৰ পৰা মুক্তি পাব।