তীব্ৰ জলসংকট আৰম্ভ হৈছে বেগালুৰুত ৷ তাত ১৪ হাজাৰ দমকল আছে যদিও তাৰে ৭০০০ টা শুকাই গৈছে। প্ৰতিদিনে ২.৬ বিলিয়ন লিটাৰ পানীৰ প্ৰয়োজন হয় যদিও দমকলসমূহ শুকাই যোৱাৰ ফলত এই নাটনি পূৰণৰ বাবে প্ৰশাসনে ব্যাপক সমস্যাৰ সন্মুখীন হৈছে ৷ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়াই সংশ্লিষ্ট বিভাগসমূহৰ বিষয়াসকলক এই সংকট সমাধানৰ বাবে জৰুৰী ভিত্তিত কাম কৰিবলৈ নিৰ্দেশ দিছে। প্রতিদিনে পানীৰ চাহিদা কেনেদৰে পূৰণ কৰিব পাৰি তাৰ পৰিকল্পনাৰ বাবে প্রয়োজনীয় পদক্ষেপ ল’বলৈ নির্দেশ দিছে মুখ্যমন্ত্রীয়ে৷
প্ৰশাসনৰ সূত্ৰ অনুসৰি প্ৰতিদিনে ২৬ কোটি লিটাৰ পানী প্ৰয়োজন হয় চহৰখনত ৷ তাৰে প্ৰায় ১৫ কোটি লিটাৰ কাবেৰী নদীৰ পৰা আৰু ৬৫ কোটি লিটাৰ টিউব ৱেল বা দমকলৰ পৰা আহে। সাম্প্ৰতিক পৰিস্থিতিত টিউব ৱেল শুকাই যোৱাৰ বাবে প্ৰতিদিনে ৫০ কোটি লিটাৰ পানীৰ নাটনি হৈছে। যাৰ বাবে চহৰবাসীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
কিন্তু কাবেৰীৰ ওপৰৰ পাঁচটা প্ৰকল্প কাৰ্যক্ষম হ’লেই এই সমস্যা দূৰ হ’ব। ২০০৬-০৭ চনত বেংগালুৰু পৌৰসভাৰ সৈতে একত্ৰিত হোৱা ১১০খন গাঁও এই আঁচনি আৰম্ভ হোৱাৰ পিছত ইয়াৰ অধীনলৈ আহিব। মুখ্যমন্ত্ৰীৰ এই দাবীৰ উদ্ধৃতি দি সংবাদ সংস্থা পিটিআইয়ে প্ৰকাশ কৰিছে যে জুন মাহলৈকে খোৱাপানীৰ সমস্যা দূৰ হ’ব ৷ অৱশ্যে আৰু ৩১৩টা অঞ্চলত ১২০০টা টিউবৱেল খন্দাৰ পৰিকল্পনা আৰম্ভ হৈছে। ইয়াৰ উপৰিও যিবোৰ হ্ৰদ শুকাই গৈছে, সেইবোৰো পুনৰুদ্ধাৰ কৰা হৈছে। অৱশ্যে এই জল সংকট কিমান দিন শেষ হ’ব সেই সন্দৰ্ভত কোনো স্পষ্ট বাৰ্তা দিয়া নাই প্ৰশাসনে।