দেশৰ অষ্টাদশ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পিছুৱাই দিয়া হ’ল ইউ পি এছ চিৰ অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষা। পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি ইউ পি এছ চিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ দিন ২৬ মে’ত নিৰ্ধাৰণ কৰা হৈছিল । কিন্তু এই সময়ত দেশত অষ্টাদশ লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই পৰীক্ষা ১৬ জুনলৈ পিছুৱাই দিছে।
উল্লেখ্য যে, যোৱা ১৪ ফেব্ৰুৱাৰীত ইউ পি এছ চিৰ অফিচিয়েল ৱেবচাইটত পৰীক্ষা সন্দৰ্ভত জাননী জাৰি কৰা হৈছিল । যোৱা ১৯ মার্চত ৱেবচাইটত আন এখন জাননী জাৰি কৰি পৰীক্ষা পিছুৱাই দিয়াৰ কথা অৱগত কৰিছে আয়োগে ।
আনহাতে পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি মূল পৰীক্ষা ২০ ছেপ্টেম্বৰৰ পৰা ৫ দিনীয়াকৈ অনুষ্ঠিত হ’ব। ইয়াৰ পূৰ্বে আয়োগে অসামৰিক সেৱা পৰীক্ষা-২০২৪ ৰ বাবে পঞ্জীয়নৰ সময়সীমাও বৃদ্ধি কৰিছিল।