বুধবাৰে বিয়লি নিমাতীঘাটৰ জল সংযোগী পথৰ নাও দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা পৰিমীতা দাসৰ নশ্বৰ দেহ গুৱাহাটীৰ কাহিলীপাৰাৰ নিজা গৃহলৈ অনাৰ লগে লগেই শোকত ভাঙি পৰে আত্মীয়-স্বজনকে ধৰি ওচৰ চুবুৰীয়াসকল।
কৰুণ নিয়তিয়ে অকালতে প্ৰাণ কাঢ়ি নিয়া পৰিমীতাক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আহি পৰিয়ালৰ লোকক সান্তনা দিয়াৰো যেন ভাষা হেৰুৱাই পেলালে সকলোৱে।
দুৰ্ভাগ্যজনকভাৱে মাজুলীৰ শোকাবহ নাও দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা গুৱাহাটীৰ কাহিলীপাৰা নিবাসী পৰিমীতা দাস অত্যন্ত মেধাৱী ছাত্ৰী আছিল। কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰা পৰিমীতা মাজুলীৰ ৰঙাচাহী কলেজৰ অসমীয়া বিভাগৰ প্ৰবক্তাৰূপে নিয়োজিত আছিল।
কৰ্তব্যত যোগদান কৰিবলৈ পৰিমীতা মাজুলীলৈ যাত্ৰা কৰাৰ সময়তে অতি দুৰ্ভাগ্যজনকভাৱে নাও দুৰ্ঘটনাটোত মৃত্যুক সাৱটি লয়। ঘাটত আগবঢ়াই থৈ অহা মাতৃৰ চকুৰ সন্মুখতেই ভৰা লুইতৰ কুটিলতাৰ বলি হ’ল মাতৃৰ আদৰৰ কন্যা।
পৰিমীতাৰ নশ্বৰ দেহ মাজুলীৰ পৰা পোনে পোনে নগাঁৱৰ মোমায়েকৰ ঘৰলৈ অনা হয়। মোমায়েকৰ ঘৰৰ লগত অত্যন্ত ঘনিষ্ঠ প্ৰতিভাৱান ছোৱালীজনীক আইতাকৰ লগতে সকলোৱে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।