বয়স বঢ়াৰ লগে লগে ডায়েবেটিছ, থাইৰয়ড, কলেষ্টেৰল আদিৰ আশংকাও বৃদ্ধি পায় ৷ ব্যস্ত জীৱনত বাহিৰৰ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ বাহিৰে আন উপায় নাই। দৈনিক বাহিৰৰ খাদ্য খোৱাৰ বাবে তেজত থকা বেয়া কলেষ্টেৰল বাঢ়ি গৈ থাকে। কলেষ্টেৰল বৃদ্ধি হৈছে নে নাই সেয়া কিছু লক্ষণৰ পৰা বুজিব পাৰি। কিছুমান লক্ষণ দেখা দিলেই আমি বুজি পোৱা উচিত যে আমাৰ শৰীৰত কলেষ্টৰেল বৃদ্ধি পাইছে । শৰীৰত ৰক্ত সঞ্চালন বাধাপ্ৰাপ্ত হৈ পৰে। বিভিন্ন সমস্যা আৰম্ভ হয় । আৰু কি কি লক্ষণেৰে বুজিব পাৰি জে শৰীৰত কলেষ্টেৰল বাঢ়িছে?
১)অলপ খোজ কঢ়াৰ পিছতেই ভৰিৰ বিষ অনুভৱ কৰে নেকি । এয়াও কলেষ্টেৰল বৃদ্ধিৰ লক্ষণ হ’ব পাৰে। দীৰ্ঘদিন ধৰি চৰ্বি জমা হ’লে হৃদযন্ত্ৰৰ ধমনীবোৰ সংকুচিত হৈ পৰে। ফলত শৰীৰত তেজৰ চলাচলত বাধাৰ সৃষ্টি হয়। বিশেষকৈ শৰীৰৰ তলৰ অংশত ৰক্ত সঞ্চালন কমি যায়। গতিকে ভৰিৰ বিষ বা অজ্ঞান হোৱাৰ দৰে সমস্যা থাকিলে চিকিৎসকৰ পৰামৰ্শ লওক।
২) তলপেটৰ চৰ্বি হঠাতে বাঢ়িবলৈ ধৰিছে নেকি ? এই ক্ষেত্ৰত সাৱধান হওঁক ৷ কলেষ্টেৰল বৃদ্ধি হ’লেও এই সমস্যা বাঢ়ে।
৩)হাত-ভৰিৰ ৰক্ত সঞ্চালন বিঘ্নিত হ’লে প্ৰায়ে অজ্ঞানতা বা পেশী টানি ধৰাৰ দৰে লক্ষণ দেখা যায়। বহুতৰে হাত-ভৰিও শেঁতা পৰে। বেছি সময় খোজ কাঢ়িলে বা থিয় হৈ থাকিলে ভৰিত তেজ জমা হোৱা দেখা যায় ৷