ব্ৰিটেইনৰ ৰাজকুমাৰী কেট মিডলটন কৰ্কট ৰোগত আক্ৰান্ত। তেওঁ বর্তমান চিকিৎসাধীন হৈ আছে। শুকুৰবাৰে এটা ভিডিঅ’ মুকলি কৰি কেটে নিজেই এই বিষয়ে অৱগত কৰিছে ৷ তেওঁ কয়, “এই খবৰটোৱে আমাক জোকাৰি তুলিছে। যোৱা কেইমাহমান বৰ কঠিন আছিল ৷” কিন্তু ৰাজকুমাৰীগৰাকী কিধৰণৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছিল বা ৰোগৰ পৰ্যায় কি সেই সন্দৰ্ভত কোনো সবিশেষ তথ্য প্ৰদান কৰা নাই ৰাজপৰিয়ালে।
ভিডিঅ’ বার্তাত যুৱৰাণীয়ে কয় “ জানুৱাৰী মাহত পেটৰ অস্ত্ৰোপচাৰৰ পিছতো কেন্সাৰৰ বিষয়টো জানিব পৰা হোৱা নাছিল। অস্ত্ৰোপচাৰৰ পিছত বিভিন্ন পৰীক্ষাৰ অন্তত মোক কেন্সাৰৰ বিষয়ে অৱগত কৰা হ’ল আৰু ডাক্তৰে কেমোথেৰাপিৰ পৰামৰ্শ দিলে। সেই চিকিৎসা প্ৰাৰম্ভিক পৰ্যায়ত আছে।” বিশ্বৰ সকলো কৰ্কট ৰোগীক সম্বোধন কৰি কেটে কয়, “এই ৰোগত আক্ৰান্ত লোকসকলে আশা এৰিব নালাগে। আপোনালোক অকলশৰীয়া নহয়।”
ৰাজকুমাৰীয়ে লগতে কয়, ‘অস্ত্ৰোপচাৰৰ পৰা সুস্থ হ’বলৈ যথেষ্ট সময় লাগিছিল। এতিয়া পৰিয়ালক সময় দিয়াটোৱেই এতিয়া অগ্ৰাধিকাৰৰ বিষয়। উইলিয়াম আৰু মই পৰিয়ালৰ স্বাৰ্থত বিষয়টো যিমান পাৰি ব্যক্তিগতভাৱে ৰাখিবলৈ চেষ্টা কৰিছিলোঁ। জৰ্জ, চাৰ্লট আৰু লুইছক সকলো কথা বুজাবলৈ আৰু মই ঠিকেই আছো বুলি পতিয়ন নিয়াবলৈ মোৰ আৰু উইলিয়ামক যথেষ্ট সময় লাগিল।” তেওঁ লগতে কয়, “আমাৰ পৰিয়ালটোক এতিয়াই কিছু গোপনীয়তাৰ প্ৰয়োজন।”
ইয়াৰ পূৰ্বে ৰাজকীয় পৰিয়ালে প্ৰকাশ কৰিছিল যে কেটৰ কৰ্কট ৰোগ নাই। দুমাহমান আগতে কেটৰ পেটৰ অস্ত্ৰোপচাৰ কৰা হৈছিল। প্ৰসংগক্ৰমে তাৰ পিছত তেওঁক ৰাজহুৱা স্থানত দেখা পোৱা নাই। ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়াম আৰু কেটৰ বাসগৃহ কেনচিংটন পেলেছে কয় যে কেটে বৰ্তমান অসুস্থতাৰ বাবে ৰাজপৰিয়ালৰ সদস্য হিচাপে নিজৰ কৰ্তব্য পালন কৰিব পৰা নাই। তেওঁক কিয় অস্ত্ৰোপচাৰৰ প্ৰয়োজন হৈছিল সেই কথা ৰাজপৰিয়ালে প্ৰকাশ কৰা নাছিল। নাৰী দিৱসৰ দিনা ব্ৰিটিছ ৰাজ পৰিয়ালে এখন ফটো পোষ্ট কৰে। ফটোখনত ৰাজকুমাৰী কেট মিডলটনক আগুৰি আছে তেওঁৰ তিনিজন পুত্ৰ আৰু কন্যা — জৰ্জ, চাৰ্লট আৰু লুইছে। অৱশ্যে সেই ছবিখনক কেন্দ্ৰ কৰি বহু প্ৰশ্ন উত্থাপন হৈছিল। অৱশেষত ৰাজকুমাৰীয়ে নিজেই তেওঁৰ অসুখৰ বিষয়ে অৱগত কৰে ৷