বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেবানন্দ দেৱগোস্বামীৰ শনিবাৰে নিশা আকস্মিকভাৱে বিয়োগ ঘটে ৷নগাঁৱৰ এখন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত তেওঁ শেষনিশ্বাস ত্যাগ কৰে ৷ ইয়াৰ পাছতে দেৱানন্দ দেৱগোস্বামীৰ নশ্বৰদেহ নিশাই বটদ্ৰৱাৰ বাসগৃহলৈ অনা হয়। বাসগৃহত তেওঁক ভকত বৈষ্ণৱ, গুণমুগ্ধই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ৷
ইয়াৰ পাছত ভকত বৈষ্ণৱে কল্যাণ খৰমান গায় সত্ৰাধিকাৰগৰাকীক লৈ শেষ যাত্ৰা আৰম্ভ কৰে। নিশাই বটদ্ৰৱা থানৰ আকাশীগংগাৰ তীৰত সত্ৰাধিকাৰগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যত শোকস্তব্ধ হৈ পৰিছে ভকত –বৈষ্ণৱসকল ৷
সত্ৰাধিকাৰ গৰাকীৰ বিয়োগত গভীৰ শোকপ্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ তেওঁ এক শোকবার্তাত কয়-“ বটদ্ৰৱা থানৰ নৰোৱা সত্ৰৰ সন্মানীয় সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী প্ৰভুৰ প্ৰয়াণৰ বাতৰি শুনি অতিকৈ বেজাৰ অনুভৱ কৰিছোঁ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা সৃষ্ট একশৰণ নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰ-প্ৰসাৰৰ হকে আজীৱন অহোপুৰুষাৰ্থ কৰা সত্ৰীয়া সংস্কৃতিৰ নমস্য ব্যক্তিত্ব পূজ্য সত্ৰাধিকাৰগৰাকীৰ প্ৰয়াণে ৰিক্ত কৰিলে আমাৰ জাতীয় জীৱন ৷ নিপুণ শিল্পী তথা এগৰাকী সুবক্তা দেৱানন্দ দেৱ গোস্বামী প্ৰভুৰ বিদেহ আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ৷ এই শোকৰ মুহূৰ্তত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ ৷”