প্ৰায় সকলোৱে নিজৰ ঘৰখন সজাই ভাল পায়। কিন্তু ভিতৰৰ সজ্জা যিমানেই ভাল নহওক কিয়, পৰিষ্কাৰ-পৰিচ্ছন্ন নহ’লে সুন্দৰ সজ্জাৰ কোনো মূল্য নাই। ঘৰত থাকিলে বেছিভাগ সময় শোৱা কোঠাতেই কটোৱা হয় । আজৰি সময়ত বিচনাত বাগৰ দিবলৈ সকলোৱে ভাল পায় ৷কিন্তু কেৱল ব্যৱহাৰ কৰাই নহয়, পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব লাগে বিচনা চাদৰ ।
বিচনাৰ চাদৰ কিমান সঘনাই সলনি কৰিব লাগে?
সাধাৰণতে এসপ্তাহতকৈ অধিক সময় বিচনা চাদৰ ব্যৱহাৰ কৰিব নালাগে। সপ্তাহত এবাৰ বিচনা চাদৰ চাফা কৰিলে ভাল। অপৰিষ্কাৰ বিচনা চাদৰত শুই থাকিলেও ছালৰ বিভিন্ন সমস্যাৰ সৃষ্টি হয়।
একেখন বিচনা চাদৰ দীৰ্ঘদিন ব্যৱহাৰ কৰিলে ছালৰ কেনেধৰণৰ সমস্যা হয়?
১) কিছুমান অভ্যাস যেনে তেলযুক্ত খাদ্য খোৱা, পানী কম খোৱা, ছালৰ যত্ন নোলোৱা আদি ব্ৰণৰ সমস্যাৰ কিছুমান কাৰণ। কিন্তু এইবোৰৰ বাহিৰেও দিনৰ পিছত দিন লেতেৰা বিচনা চাদৰত শুই থাকিলেও ব্ৰণৰ সৃষ্টি হ’ব পাৰে। ধৰি লওক আপুনি বাহিৰত ওলাই যোৱাৰ পাছত ঘর্মাক্ত হৈ ঘৰলৈ উভতি অহাৰ পিছত আপুনি বিচনাত শুই পৰিছে । সেই ঘামৰ পৰা ওলোৱা বেক্টেৰিয়াও চাদৰখনত লাগি থাকে। ছালৰ কোষত বেক্টেৰিয়াৰ সংক্ৰমণৰ ফলত ব্ৰণৰ সৃষ্টি হয়। যিসকলৰ ব্ৰণৰ সমস্যা আছে তেওঁলোকৰ বাবে সপ্তাহত দুবাৰকৈ বিচনা চাদৰ সলনি কৰিলে ভাল।
২) একেখন বিচনা চাদৰ বহুদিন চাফা নকৰাকৈ ব্যৱহাৰ কৰিলে ছালত ভেঁকুৰৰ সংক্ৰমণৰ আশংকা থাকে। অস্বাস্থ্যকৰ অভ্যাসে বসন্ত ৰোগৰ বিপদ বৃদ্ধি কৰে। কিন্তু বসন্তৰ বাবে নহয়, বছৰটোৰ ভিতৰত সঘনাই বিচনা চাদৰ সলনি কৰাটো গুৰুত্বপূৰ্ণ।
বিচনাৰ চাদৰ কেনেকৈ পৰিষ্কাৰ কৰি ৰাখিব?
১) বাহিৰৰ পৰা উভতি আহি গা ধুইহে শুই বিচনাত উঠাৰ অভ্যাস গঢ়ি তোলক।
২) ঘর্মাক্ত শৰীৰেৰ বিচনাত নাযাব।
৩) মেকআপ আঁতৰাই শুৱা অভ্যাস কৰক
৪) শোৱাৰ আগতে মুখ, হাত আৰু ভৰিত ক্ৰীম লগাব নালাগে।
৫) বিচনাত খোৱাৰ অভ্যাস থাকিলে সেই অভ্যাস সলনি কৰক। মোজা পিন্ধি শুবলৈ নাযাব।