ৰোগমুক্ত শৰীৰ বিচাৰি পোৱাটো কঠিন। জ্বৰ আৰু ডায়েবেটিছৰ সমস্যা এতিয়া সাধাৰণ সমস্যাত পৰিণত হৈছে ৷ মহিলাসকলৰ ৰক্তহীনতাৰ সমস্যা যথেষ্ট বেছি । এই সাধাৰণ, সৰু ৰোগৰ বাবে প্ৰতিদিনে চিকিৎসকৰ ওচৰলৈ যোৱাটো ভাল নহয়। শেহতীয়াকৈ চিকিৎসকসকলেও ঔষধৰ ওপৰত অতিমাত্ৰা নিৰ্ভৰ নকৰিবলৈ পৰামৰ্শ দিছে। গতিকে কি কৰিব? পুষ্টিবিদসকলে কয় যে, সুস্থ হৈ থাকিবলৈ ঔষধৰ লগতে তিনিবিধ ৰস বা পানীয় দৈনন্দিন খাদ্যত ৰাখক। নিৰ্দিষ্ট সমস্যাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো সহায় কৰে।
১) ৰক্তহীনতা:
ৰক্তহীনতাত ভুগিছে নেকি? এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকে আইৰণ, ফ’লিক আৰু অন্যান্য খনিজ পদাৰ্থৰে সমৃদ্ধ ঔষধ গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। ঔষধ খোৱাৰ উপৰিও বিশেষ ৰস খাব লাগে বুলি পুষ্টিবিদসকলে কয়। আপেল, গাজৰ, বীট আৰু পালেংশাক পৰা এই ৰস তৈয়াৰ কৰা হয়। ৰক্তকণিকা বৃদ্ধি কৰাতএই ৰস বিশেষভাৱে সহায়ক।
২) ডায়েবেটিছঃ
ধনিয়া, আদা, চেলেৰী আদিৰে তৈয়াৰী ৰসে তেজত ইনচুলিন হৰম’নৰ মাত্ৰা স্বাভাৱিক কৰি ৰখাত সহায় কৰে। এই ৰসত ভিটামিন চি, এন্টিঅক্সিডেন্ট আৰু অন্যান্য প্ৰয়োজনীয় ভিটামিন থাকে। নিয়মিতভাৱে এই ৰস সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। শৰীৰৰ প্ৰদাহজনিত সমস্যাও দূৰ হয়।
৩) চৰ্দি আৰু জ্বৰঃ
বতৰ পৰিৱৰ্তনৰ সময়ত সংক্ৰামক চৰ্দি আৰু ফ্লুত বহুলোক আক্ৰান্ত হয় ৷ ইয়াক ভাল কৰিবলৈ বাৰে বাৰে চিকিৎসকৰ ওচৰলৈ দৌৰি যোৱাৰ পৰিৱৰ্তে ভিতৰৰ পৰা ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব লাগে। তাৰ বাবে আনাৰস, কমলা, আদা, পদিনা পাতেৰে তৈয়াৰী বিশেষ পানীয় খাব লাগিব। ভিটামিন চি আৰু এন্টিঅক্সিডেন্টৰে সমৃদ্ধ এই পানীয়ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে আৰু বিপাকীয় ক্ৰিয়া উন্নত কৰে।